• Home
  • »
  • News
  • »
  • assam
  • »
  • 'কেৱল চাকৰি আৰু ঠিকা লাভৰ লক্ষ্যৰে দল কৰিলে অসন্তুষ্টি আহিবই'- বিজেপি কৰ্মীক উদ্দেশ্যি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য

'কেৱল চাকৰি আৰু ঠিকা লাভৰ লক্ষ্যৰে দল কৰিলে অসন্তুষ্টি আহিবই'- বিজেপি কৰ্মীক উদ্দেশ্যি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য

শিৱসাগৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ ময়ূৰ বৰগোঁহাইৰ।

শিৱসাগৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ ময়ূৰ বৰগোঁহাইৰ।

শিৱসাগৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ ময়ূৰ বৰগোঁহাইৰ।

  • Share this:
'কেৱল  চাকৰি লাভৰ লক্ষ্য কৰি দল কৰিলে অসন্তুষ্টি আহিবই।  জনগণৰ সেৱা কৰাত অধিক গুৰুত্ব দিয়ক। স্বাৱলম্বী হোৱাৰ বাবে বহু চৰকাৰী আঁচনি আছে। কিন্তু বহুতেই আঁচনি সমূহৰ বিষয়ে নাজানেই।" অহা চাৰে চাৰি বছৰত ৰাজ্যত ১০ হেজাৰ পুখুৰী মাছ উৎপাদনৰ বাবে খন্দুৱাবলৈ চৰকাৰে আঁচনি গ্ৰহণ কৰিছে।'- দলীয় সতীৰ্থক উদ্দেশ্যি শিৱসাগৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শুকুৰবাৰে বিজেপিৰ শিৱসাগৰ জিলা সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে  ময়ূৰ বৰগোঁহাইয়ে। সুৰ‌ভী ৰাজকোঁৱৰীৰ পৰা দায়িত্ব গ্ৰহণ কৰে বিজেপিৰ যুৱ নেতা ময়ূৰ বৰগোঁহাইয়ে। যুৱ দ'লত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দায়িত্বভাৰ গ্ৰহণ কৰে যুৱ নেতাজনে ।

অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা  তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে ভাষণ প্ৰদান কৰি চাকৰি, ঠিকা লাভ কৰাৰ আশাত বিজেপি দলৰ হৈ কাম কৰিবলৈ অহা সকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয় বুলি মন্তব্য কৰে।

ইপিনে অহা উপ নিৰ্বাচন, পৌৰসভা, পঞ্চায়ত নিৰ্বাচন , ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত যাতে বিজেপিয়ে সৰ্বাধিক ভোট লাভ তথা আসন দখল কৰিব পাৰে তাৰ বাবে এতিয়াৰে পৰা কাম-কাজ হাতত ল'ব বুলি উল্লেখ কৰে ডা: ৰণোজ পেগুৱে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে  আগন্তুক উপ নিৰ্বাচনত থাওৰা সমষ্টি বিজেপিৰ দখললৈ অহাটো এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে। তদুপৰি শিৱসাগৰ জিলাখনক জাকত-জ্বিলিকা কৰিবলৈ দলৰ সকলো কাৰ্যকতাই চেষ্টা কৰাৰ লগতে এইক্ষেত্ৰত নৱনিযুক্ত জিলা সভাপতিগৰাকীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই সাংসদগৰাকীয়ে।

শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ প্ৰতিবেদন
Published by:Himangshu Bhuyan
First published: