உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'বৰাকৰ বাসিন্দা হৈ অসমীয়াৰ পক্ষত কিয় বাতৰি কৰিছে?'- সাংবাদিকৰ মোবাইল কাঢ়ি প্ৰদীপ দত্ত ৰয়ৰ অসভ্যালি

    'বৰাকৰ বাসিন্দা হৈ অসমীয়াৰ পক্ষত কিয় বাতৰি কৰিছে?'- সাংবাদিকৰ মোবাইল কাঢ়ি প্ৰদীপ দত্ত ৰয়ৰ অসভ্যালি

    বিতৰ্ক চলি থকাৰ মাজতে প্ৰদীপ দত্ত ৰয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক।

    বিতৰ্ক চলি থকাৰ মাজতে প্ৰদীপ দত্ত ৰয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক।

    বিতৰ্ক চলি থকাৰ মাজতে প্ৰদীপ দত্ত ৰয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক।

    • Share this:
    প্ৰদীপ দত্ত ৰয়! বিভিন্ন সময়ত অসমীয়া বিদ্বেষী কথা বতৰাৰে সংবাদ শিৰোনাম দখল কৰা স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ে আকৌ এবাৰ চূড়ান্ত অপমান কৰিলে অসমীয়া ভাষাক। বৰাকত এখনো অসমীয়া হৰ্ডিং থাকিব নোৱাৰিব বা থাকিলেও ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ প্ৰশাসনক সকীয়নি প্ৰদান কৰিছিল দত্ত ৰয়ে। প্ৰদীপ দত্ত ৰয়ৰ এনে অসমীয়া বিদ্বেষী কথা বতৰাক সহজ ভাবে ল'ব পৰা নাছিল জাতীয়তাবাদী দল সংগঠনে।

    বৰাকৰো বিধায়কসকলে প্ৰদীপ দত্ত ৰয়ক এনেদৰে অসমীয়া ভাষাৰ বিৰুদ্ধে কথা নক'বলৈ সকীয়াই দিছিল। মন্ত্ৰী পৰিমল শুক্লবৈদ্যইয়ো প্ৰদীপ দত্ত ৰয়ৰ কথাই বৰাকৰ কথা নহয় বুলি স্পষ্ট কৰি দিছিল।

    এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে প্ৰদীপ দত্ত ৰয়ে এইবাৰ আক্ৰমণ কৰিলে সাংবাদিকক। ভাবুকি প্ৰদান কৰি বিতৰ্কিত বাঙালী নেতাজনে কয় যে, 'বৰাকৰ বাসিন্দা হৈ অসমীয়াৰ পক্ষত কিয় বাতৰি কৰিব লাগে?' আনকি  সাংবাদিকৰ হাতৰ পৰা মোবাইল ফোনো কাঢ়ি নিয়ে প্ৰদীপে। উল্লেখ্য যে, শনিবাৰে জেৰাৰ বাবে SP কাৰ্যালয়লৈ অনা হৈছিল দত্ত ৰয়ক ৷
    Published by:Himangshu Bhuyan
    First published: