• Home
  • »
  • News
  • »
  • assam
  • »
  • জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিনতো খোলা থাকিল মিছনেৰী বিদ্যালয় ৷ বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি

জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিনতো খোলা থাকিল মিছনেৰী বিদ্যালয় ৷ বৰপেটাৰোডত উত্তপ্ত পৰিস্থিতি

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিনতো খ্ৰীষ্টিয়ান মিচনেৰীৰ বিদ্যালয় খোলা ৰখাত বৰপেটাৰোডত দলসংগঠনৰ প্ৰতিবাদ৷

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিনতো খ্ৰীষ্টিয়ান মিচনেৰীৰ বিদ্যালয় খোলা ৰখাত বৰপেটাৰোডত দলসংগঠনৰ প্ৰতিবাদ৷

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ দিনতো খ্ৰীষ্টিয়ান মিচনেৰীৰ বিদ্যালয় খোলা ৰখাত বৰপেটাৰোডত দলসংগঠনৰ প্ৰতিবাদ৷

  • Share this:
শ্ৰীকৃষ্ণ জন্মাষ্টমী (Janmastami 2022) উপলক্ষে শুকুৰবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ পাছতো বৰপেটাৰোড (Barpetaroad)ৰ খ্ৰীষ্টিয়ান মিচনেৰী এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলা ৰাখি পাঠদান কাৰ্য চলাই থকাত জাঙুৰ খাই উঠিছে আছুকে ধৰি বিভিন্ন দল-সংগঠন ৷ চৰকাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ পাছতো বৰপেটাৰোডৰ ডনবস্কো স্কুল (Don Bosco School) খোলা ৰাখি পাঠদান চলোৱাৰ খবৰ পাই আছু সহ বিভিন্ন দলসংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হয়।

চৰকাৰী বন্ধৰ (Govt Holyday) দিনতো ব্যক্তিগত খণ্ডৰ খ্ৰীষ্টিয়ান মিচনেৰী স্কুল খোলা ৰাখি পাঠদান চলাই থকাৰ প্ৰতিবাদত দল-সংগঠনৰ প্ৰতিনিধিয়ে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টিৰ কৰে ৷ পাছত বৰপেটাৰোডৰ ডনবস্কো স্কুলৰ অধ্যক্ষ ফাদাৰ এম চি জৰ্জক দলসংগঠনৰ প্ৰতিনিধিয়ে বিচাৰে যদিও অধ্যক্ষ গৰাকীয়ে পিছ দুৱাৰেদি পলায়ন কৰা বুলি অভিযোগ তুলিছে আছু সহ বিভিন্ন দল-সংগঠনে ৷

পাছত বৰপেটাৰোড আৰক্ষীয়ে খ্ৰীষ্টিয়ান মিছনেৰী বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷
Published by:Manjumoni Borah
First published: