মহানগৰীত ঘৰচীয়া হাতীৰ আক্ৰমণত মাউতৰ মৃত্যু

গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ৱাকফ ব’ৰ্ডৰ ভূমিত কলগছ খুৱাই থকা অৱস্থাতে হঠাৎ আক্ৰমণ কৰে মাউত ৰাজুক।

News18-Assam
Updated:September 8, 2019, 6:18 PM IST
মহানগৰীত ঘৰচীয়া হাতীৰ আক্ৰমণত মাউতৰ মৃত্যু
গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ৱাকফ ব’ৰ্ডৰ ভূমিত কলগছ খুৱাই থকা অৱস্থাতে হঠাৎ আক্ৰমণ কৰে মাউত ৰাজুক।
News18-Assam
Updated: September 8, 2019, 6:18 PM IST
বিপুল বৰ্মন : গুৱাহাটীৰ দক্ষিণ গাৱঁত ঘৰচীয়া হাতীয়ে প্ৰাণ ল’লে মাউতৰ। নিহত লোকজনৰ নাম ৰাজু ৰায়। অন্য দিনাৰ দৰেই দেওবাৰেও নিজৰ ঘৰচীয়া হাতীকেইটাক কলগছ খুৱাই থাকোতেই ৰামু নামৰ মতা হাতীটোৱে প্ৰাণ ল’লে ৰাজু ৰায়ৰ।

গুৱাহাটীৰ দক্ষিণ গাঁৱৰ ৱাকফ ব’ৰ্ডৰ ভূমিত কলগছ খুৱাই থকা অৱস্থাতে হঠাৎ আক্ৰমণ কৰে মাউত ৰাজুক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰাজুৰ চিকিৎসালয়ত মৃত্যু হয়। ঘৰচীয়া হাতীৰ আক্ৰমণত মাউতৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই দক্ষিণ গাঁৱৰ স্থানীয় লোকসকলে। সদাই চোৱা–চিতা কৰাৰ দৰে দেওবাৰেও ঘৰচীয়া হাতীক কলগছ খুওৱাৰ সময়তে হাতীটোৰ আক্ৰমণত স্বামীৰ মৃত্যু হোৱাৰ খবৰ বিশ্বাস কৰিব পৰা নাই ৰাজুৰ পত্নীয়েও।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি