গাহৰিৰ পিছত এইবাৰ ডিব্ৰুগড়ত অচিন ৰোগত মৃত্যু শ শ গৰু–ম'হৰ

News18 Assam | News18-Assam
Updated:October 21, 2020, 12:19 PM IST
গাহৰিৰ পিছত এইবাৰ ডিব্ৰুগড়ত অচিন ৰোগত মৃত্যু শ শ গৰু–ম'হৰ
চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ।

চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ।

  • Share this:
গাহৰিৰ পাছত এইবাৰ ডিব্ৰুগড়ত অচিন ৰোগত মৃত্যু শ শ গৰু–ম'হৰ। হাহাকাৰ অবস্থা গো পালক, ম'হ পালকৰ। ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত গৰুধৰীয়া মধুপুৰ, লেজাই, কলাখোৱা, বগীবিল আদি অঞ্চলত অচিন ৰোগত মৃত্যু বহু পশুধনৰ। কেৱল বিগত এটা প্ৰষেকত এই অঞ্চলত মৃত্যু হৈছে প্ৰায় ৬০০পৰা ৭০০ পৰ্যন্ত ম'হৰ লগতে কেইবাশ গৰুৰ। যাৰ ফলত দিকবিদিক হেৰুৱাইছে এই অঞ্চলৰ ম'হ খুটিৰ গৰাকীসকলে।

চলিত বৰ্ষৰ বানপানী শুকুৱাৰ পিছৰে পৰা দেখা দিয়া এনে ৰোগৰ চিকিৎসা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ এতিয়া পশু চিকিৎসা বিভাগ। পশু চিকিৎসকে কেৱল গৰু–ম'হৰ পেলুৰ ঔষধ দি নিজৰ দায়িত্ব সামৰিছে বুলিও অভিযোগ গো পালকসকলৰ।

উল্লেখ্য যে বানবিধস্ত এই অঞ্চলসমূহত পশুপালন কৰি গাখীৰৰ ব্যৱসায় কৰি অহা গো পালক, ম'হ পালকৰ পশুধন এনেদৰে চকুৰ আগতেই এটাৰ পিছত এটাকৈ তিল–তিলকৈ মৃত্যুক সাবটি লোৱা দেখি ভাগি পৰিছে এই সকল গো পালক, ম'হ খুটিৰ গৰাকী।

তেওঁলোকৰ দাবী এই অচিন ৰোগ চিনাক্ত কৰি অতি সোনকালেই পশুধনৰ চিকিৎসাৰ ব্যৱস্থা কৰা লগতে গৰু–ম'হৰ মৃত্যুৰ ফলত হোৱা ব্যাপক লোকচানৰ ক্ষতিপূৰণ প্ৰদান কৰক চৰকাৰে।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 12:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading