உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সঁচাকৈ চুই যাব মন! মাতৃহীন এটা বান্দৰৰ পোৱালীৰ মাতৃৰ দায়িত্ব পালন কৰিছে এজনী কুকুৰে

    সঁচাকৈ চুই যাব মন! মাতৃহীন এটা বান্দৰৰ পোৱালীৰ মাতৃৰ দায়িত্ব পালন কৰিছে এজনী কুকুৰে

    মাতৃহীন এটি বান্দৰৰ পোৱালীক নিজৰ পোৱালীক দৰে ডাঙৰ দীঘল কৰিছে এজনী কুকুৰে। 

    মাতৃহীন এটি বান্দৰৰ পোৱালীক নিজৰ পোৱালীক দৰে ডাঙৰ দীঘল কৰিছে এজনী কুকুৰে। 

    মাতৃহীন এটি বান্দৰৰ পোৱালীক নিজৰ পোৱালীক দৰে ডাঙৰ দীঘল কৰিছে এজনী কুকুৰে। 

    • Share this:
    কুকুৰ প্ৰভুভক্ত, প্ৰভুভক্ত কুকুৰে গৃহস্থক দিয়ে নিৰাপত্তা! কিন্তু নাজিৰাৰ এইজনী কুকুৰে এটা  বান্দৰৰ পোৱালীৰ প্ৰতি দেখুওৱা মৰমে সকলোকে আচৰিত কৰি তুলিছে।

    মাতৃহীন এটি বান্দৰৰ পোৱালীক নিজৰ পোৱালীক দৰে ডাঙৰ দীঘল কৰিছে এজনী কুকুৰে।  নাজিৰাৰ, ওপৰ নাজিৰাৰ অৰুণ দত্ত নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় ছয়মাহ ধৰি এটি বান্দৰ পোৱালিক এজনী পোহনীয়া কুকুৰে দুগ্ধ পান  কৰাই ডাঙৰ কৰিছে ৷



    বান্দৰৰ পোৱালীটো মাতৃৰ পৰা বিচ্ছেদ হোৱাৰ পিছত  মাতৃৰ দায়িত্ব পালন কৰিছে  পোহনীয়া কুকুৰজনীয়ে। কুকুৰজনীয়ে সৰুৰে পৰা বান্দৰৰ পোৱালিটোক নিজৰ মাতৃৰ দৰে দুগ্ধপান কৰাই ডাঙৰ-দীঘল কৰি আহিছে।

    দিনক দিনে মানুহৰ মাজত মানৱীয়তা হেৰাই যোৱৰ সময়তে পোহনীয়া কুকুৰজনীয়ে বান্দৰ পোৱালীটোৰ প্ৰতি দেখুওৱা মৰমে আপ্লুত কৰি তুলিছে সকলোকে।
    Published by:Himangshu Bhuyan
    First published: