Dog Show: যোৰহাটত দেওবাৰৰ দিনটো আছিল পোহনীয়া কুকুৰৰ বাবে এটা বিশেষ দিন
Dog Show: যোৰহাটত দেওবাৰৰ দিনটো আছিল পোহনীয়া কুকুৰৰ বাবে এটা বিশেষ দিন
যোৰহাট (Jorhat) নগৰত দেওবাৰে বিভিন্ন বেশত দেখিবলৈ পোৱা গ'ল বিভিন্ন প্ৰজাতিৰ কুকুৰ। বিভিন্ন বেশভুষাত গৰাকীৰ লগত ওলাই অহা কুকুৰবোৰে দৃষ্টি আকৰ্ষণ কৰিলে বহুজনৰ । দৰাচলতে যোৰহাটত দেওবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ডগ শ্ব' (Dog Show) য'ত অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰজাতিৰ শতাধিক পোহনীয়া কুকুৰে।
কোনোবাই যদিহে ফ্ৰক পিন্ধি আহিছে, কোনোবাই আকৌ বেণী গুঠি আহিছে । কোনোবাই আকৌ ডিঙিত পিন্ধি আহিছে বিশেষ অলঙ্কাৰ অথবা মূৰত টুপি । দৰাচলতে যোৰহাটত দেওবাৰৰ দিনটো আছিল পোহনীয়া কুকুৰৰ বাবে এটা বিশেষ দিন। যোৰহাটত প্ৰথমবাৰৰ বাবে দেওবাৰে অনুষ্ঠিত হয় ডগ শ্ব' (Dog Show)। দেওবাৰে যোৰহাট নগৰৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত স্মল এনিমেল প্ৰেক্টিছনাৰ এচোছিয়েচনৰ যোৰহাট শাখা, অল আছাম ভেটেৰেনেৰি ছাৰ্ভিচ এছোচিয়েচনৰ যোৰহাট শাখা আৰু পোহৰ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ডগ শ্ব' ।
প্ৰথম বাৰৰ বাবে যোৰহাটত আয়োজিত এই প্ৰদৰ্শনীত বিভিন্ন প্ৰজাতিৰ ১৩০টা কুকুৰে অংশগ্ৰহণ কৰে । কুকুৰৰ গৰাকী সকলে নিজৰ পোহনীয়া কুকুৰবোৰক সজাই পৰাই এই প্ৰদৰ্শনীলৈ আনে । সৰু বৰ বিভিন্ন প্ৰজাতিৰ কুকুৰবোৰক চাবলৈ বহু লোকৰ আগমনো ঘটে । কুকুৰৰ প্ৰতি মানুহৰ মনত আদৰ, মৰমৰ সৃষ্টি কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
" কুকুৰ এবিধ অতি প্ৰভুভক্ত প্ৰাণী । বহুতে কুকুৰক অনাদৰ কৰে । সেয়েহে মানুহৰ মনত কুকুৰৰ প্ৰতি আদৰ-মৰমৰ সৃষ্টি কৰিবলৈ আমি এই বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছোঁ। আৰু ৰাইজে ইয়ালৈ বহুত সহাৰি জনাইছে । এই প্ৰদৰ্শনীত বিভিন্ন প্ৰজাতিৰ পোহনীয়া কুকুৰৰ লগতে আমাৰ থলুৱা প্ৰজাতিৰ কুকুৰেও অংশ গ্ৰহণ কৰিছে ।" পশু চিকিৎসক ডাঃ চি কে সিনহাই এনেদৰে কয়।
প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰা প্ৰতিটো কুকুৰৰ শাৰীৰিক পৰীক্ষা কৰে বিচাৰকসকলে । ইয়াৰ পিছত শ্ৰেষ্ঠ হোৱা কুকুৰবোৰক পুৰস্কাৰ প্ৰদান কৰা হয় । এই প্ৰদৰ্শনীলৈ যোৰহাটৰ লগতে দেৰগাঁও, শিৱসাগৰ, গোলাঘাট, তেজপুৰ আদি ঠাইৰ পৰাও পোহনীয়া কুকুৰ আহে । ৰাইজৰ পৰা লাভ কৰা সহাৰিৰ বাবে ভৱিষ্যতে অধিক বহল ভাৱে পুনৰ এনে ধৰণৰ কুকুৰৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|