নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা বিভাগত পাবলৈ নাই চিকিত্সক-নাৰ্ছ।
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা বিভাগত পাবলৈ নাই চিকিত্সক-নাৰ্ছ।
চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা বিভাগত পাবলৈ নাই চিকিত্সক-নাৰ্ছ। আছে পদপথৰ কুকুৰ! মধ্য অসমৰ ৰোগীৰ চিকিৎসাৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা ভোগেশ্বৰী ফুকননী অসামৰিক কাৰ্যালয়ত সংঘটিত হৈছে এনে আজৱ কাণ্ড।
পুৱা চিকিৎসাৰ বাবে যোৱা ৰোগীয়ে জৰুৰীকালীন সেৱাৰ কোঠাত বিচাৰি নাপালে চিকিৎসক,নাৰ্ছ তথা স্বাস্থ্যকৰ্মী। ইয়াৰ পৰিৱৰ্তে জৰুৰীকালীন সেৱাৰ কোঠাৰ বিচনাত শুই দেখা পালে দুটা কুকুৰক। লগে লগে ৰোগীৰ অভিভাৱকে এই দৃশ্য মোবাইল ফোনত ৰেকৰ্ডিং কৰি ছচিয়েল মিডিয়া যোগে প্ৰচাৰ কৰে।
এই দৃশ্য ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আছে বহু গাফিলতিৰ অভিযোগ। সেয়েহে অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|