জু–ৰোডৰ বিস্ফোৰণৰ আঁৰত জড়িত নেকি এইগৰাকী চিকিৎসক পত্নী!

এগৰাকী চিকিৎসকৰ পত্নী। নাম জাহ্নৱী শইকীয়া। জু–ৰোডৰ বিস্ফোৰণৰ পিছতে চৰ্চালৈ আহিছে এইগৰাকী মহিলাৰ নাম।

news18assam
Updated:May 16, 2019, 4:09 PM IST
জু–ৰোডৰ বিস্ফোৰণৰ আঁৰত জড়িত নেকি এইগৰাকী চিকিৎসক পত্নী!
এগৰাকী চিকিৎসকৰ পত্নী। নাম জাহ্নৱী শইকীয়া। জু–ৰোডৰ বিস্ফোৰণৰ পিছতে চৰ্চালৈ আহিছে এইগৰাকী মহিলাৰ নাম।
news18assam
Updated: May 16, 2019, 4:09 PM IST
এগৰাকী চিকিৎসকৰ পত্নী। নাম জাহ্নৱী শইকীয়া। জু–ৰোডৰ বিস্ফোৰণৰ পিছতে চৰ্চালৈ আহিছে এইগৰাকী মহিলাৰ নাম। জাহ্নৱীৰ ভাৰাঘৰত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে এটা পিষ্টল, ২৫ জাঁই গুলীসহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

মহিলাগৰাকীৰ কল লিষ্টতো আৰক্ষীয়ে লাভ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। অৱশ্যে তদন্তৰ খাটিৰত আৰক্ষীয়ে ৰাজহুৱা কৰা নাই এই তথ্য। স্বামীৰ পৰা পৃথকে থকা জাহ্নৱীয়ে গান গায়, অভিনয় কৰে। আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰুৱে নিজৰ ভনী বুলি চিনাকি দিয়ে জাহ্নৱীক। জাহ্নৱীৰ ঘৰলৈ প্ৰায়ে আহে প্ৰাণময় ৰাজগুৰু।

বুধবাৰে জু–ৰোডৰ বিস্ফোৰণৰ পূৰ্বে সেই স্থানলৈ কোনো বিশেষ ব্যক্তিক বাৰে বাৰে ফোন কৰিছিল জাহ্নৱীয়ে। সেই ফোনকলৰ ভিত্তিতে আৰক্ষীয়ে আজি পুৱাৰে পৰা অভিযান চলায় জাহ্নৱীৰ ঘৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি