ডাঃ দেবেন দত্তৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি চিকিৎসকৰ ২৪ ঘণ্টীয়া প্ৰতিবাদ

বন্ধ থাকিব চিকিৎসালয়সমূহৰ OPD আৰু অন্যান্য বিভাগসমূহ। খোলা থাকিব কেৱল জৰুৰীকালীন সেৱাহে।

News18-Assam
Updated:September 3, 2019, 7:47 AM IST
ডাঃ দেবেন দত্তৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি চিকিৎসকৰ ২৪ ঘণ্টীয়া প্ৰতিবাদ
বন্ধ থাকিব চিকিৎসালয়সমূহৰ OPD আৰু অন্যান্য বিভাগসমূহ। খোলা থাকিব কেৱল জৰুৰীকালীন সেৱাহে।
News18-Assam
Updated: September 3, 2019, 7:47 AM IST
টীয়ক চাহ বাগিচাত চিকিৎসক দেৱেন দত্তক একাংশ উন্মাদ নৰাধমে বৰ্বৰভাৱে হত্যা কৰাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন অৰ্থাৎ IMAই পুৱা ৬ বজাৰ পৰা সাব্যস্ত কৰিছে ২৪ ঘণ্টীয়া প্ৰতিবাদ। চিকিৎসক দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদ আৰু কৰ্তব্যৰত চিকিৎসকৰ নিৰাপত্তাৰ দাবীত কৰ্মবিৰতি পালন ৰাজ্যৰ চিকিৎসকৰ। কাইলৈ পুৱা ৬ বজালৈ অব্যাহত থাকিব চিকিৎসকৰ প্ৰতিবাদ।

চিকিৎসক হত্যাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমতে ৰোগীক সেৱা আগবঢ়োৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকল। বন্ধ থাকিব চিকিৎসালয়সমূহৰ OPD আৰু অন্যান্য বিভাগসমূহ। খোলা থাকিব কেৱল জৰুৰীকালীন সেৱাহে।

যোৰহাটৰ লগতে অসমৰ প্ৰতিখন জিলাতে IMAৰ অসম শাখাই সাব্যস্ত কৰিব প্ৰতিবাদ। কৰ্মবিৰতিৰ লগতে ধৰ্ণা কাৰ্যসূচীৰে কৰ্তব্যৰত চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে চিকিৎসকসকলে। উল্লেখ্য যে শনিবাৰে টীয়ক চাহ বাগিচাত উন্মাদ শ্ৰমিকে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল চিকিৎসক দেৱেন দত্তক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি