• Home
  • »
  • News
  • »
  • assam
  • »
  • ব্যক্তিগত নাৰ্ছিং হোম বা চেম্বাৰত চিকিৎসা কৰিব নোৱাৰিব GMCHৰ চিকিৎসকে, চৰকাৰে দিব AIIMSৰ সমপৰ্যায়ৰ দৰমহা

ব্যক্তিগত নাৰ্ছিং হোম বা চেম্বাৰত চিকিৎসা কৰিব নোৱাৰিব GMCHৰ চিকিৎসকে, চৰকাৰে দিব AIIMSৰ সমপৰ্যায়ৰ দৰমহা

Photo : Global News

Photo : Global News

জিএইমচিএইচৰ পিছত এখন এখনকৈ ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়ত কাৰ্যকৰী কৰা হ’ব এই ব্যৱস্থা৷

  • Share this:
গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ৰ অধ্যাপক, চিকিৎসকক সকলৰ ব্যক্তিগত প্ৰেক্টিছ বন্ধ কৰাৰ বাবে অসম চৰকাৰে লৈছে নতুন আঁচনি৷ এপ্ৰিল মাহৰ পৰা জিএমচিএইচৰ চিকিৎসকসকলে কোনোধৰণৰ ব্যক্তিগত নাৰ্ছিং হোম বা চিকিৎসালয়ত কৰিব নোৱাৰিব  চিকিৎসা৷ অকল ব্যক্তিগত নাৰ্ছিং হোমে নহয়, ঘৰতো কৰিব নোৱাৰিব চিকিৎসা৷ তাৰ বাবে ৰাজ্য চৰকাৰে জিএমচিএইচৰ অধ্যাপক, চিকিৎসক সকলক দিব AIIMSৰ সমপৰ্যায়ৰ দৰমহা৷ বিধানসভাত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য৷

বিগত সময়ছোৱাত জিএমচিএইচৰ চিকিৎসকসকলে কম দৰমহা পোৱাৰ বাবে ব্যক্তিগতভাৱে প্ৰেক্টিছ কৰিছিল৷ যাৰ বাবে বহু সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে অহা ৰোগীসকলে সময়ত নাপায় চিকিৎসকক৷ এই পৰিস্থিতিৰ অৱসান ঘটোৱাৰ বাবে চৰকাৰে কৰিছে পৰিকল্পনা৷

AIIMSৰ সমপৰ্যায়ত দৰমহা দিবলৈ অসম চৰকাৰৰ বছৰি অতিৰিক্তভাৱে খৰছ হ’ব ২০  কোটি টকা৷ জিএমচিএইচৰ পিছত পৰ্যায়ক্ৰমে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক–চিকিৎসকক দিব AIIMSৰ সমপৰ্যায়ৰ দৰমহা৷ বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচৰ চিকিৎসকসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা কৰাৰ কথা ঘোষণ কৰে৷

জিএইমচিএইচৰ পিছত এখন এখনকৈ ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়ত কাৰ্যকৰী কৰা হ’ব এই ব্যৱস্থা৷ অকল জিএমচিএইচতে অতিৰিক্তভাৱে ২০ কোটি টকা খৰচ হ’ব৷ যাৰ বাবে বাকীকেইখনত কাৰ্যকৰী কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব৷
Published by:Sanjay Kumar Das
First published: