দুই চিকিৎসকৰ চিকিৎসা সন্ত্ৰাসতেই মৃত্যু হৈছিল ড° অনামিকা ৰায়ৰ

ড০ অনামিকা ৰায়ৰ ২০১৫ চনত লেপাৰ্ছকপিক গল ব্লাডাৰৰ অপাৰেচনত চিকিৎসাজনিত অৱহেলাৰ কাৰণে মৃত‍্যু হৈছিল।

News18-Assam
Updated:August 11, 2019, 9:21 AM IST
দুই চিকিৎসকৰ চিকিৎসা সন্ত্ৰাসতেই মৃত্যু হৈছিল ড° অনামিকা ৰায়ৰ
ড০ অনামিকা ৰায়ৰ ২০১৫ চনত লেপাৰ্ছকপিক গল ব্লাডাৰৰ অপাৰেচনত চিকিৎসাজনিত অৱহেলাৰ কাৰণে মৃত‍্যু হৈছিল।
News18-Assam
Updated: August 11, 2019, 9:21 AM IST
দিল্লী মেডিকেল কাউন্সিলে জাৰি কৰা ড০ অনামিকা ৰায়ৰ মেডিকেল নেগ্লিজেন্সীৰ নিৰ্দেশ বাহাল ৰাখিলে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই।

উত্তৰ-পূৰ্বাঞ্চলৰ গণসংযোগ শিক্ষাৰ প্ৰখ্যাত শিক্ষাবিদ তথা এসময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ অনামিকা ৰায়ৰ ২০১৫ চনত লেপাৰ্ছকপিক গল ব্লাডাৰৰ অপাৰেচনত চিকিৎসাজনিত অৱহেলাৰ কাৰণে মৃত‍্যু হৈছিল।

চিকিৎসাজনিত ভুল আৰু অৱহেলাৰ কাৰণে মৃত‍্যু হোৱা ড০ ৰায়ৰ বাবে ন‍্যায় বিচাৰি তেওঁৰ স্বামী ড° অংকুৰণ দত্তই চিকিৎসককেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। তাৰ পিছত এই গোচৰটোৰ ওপৰত ভিত্তি কৰি দিল্লী মেডিকেল কাউন্সিলে(DMC) ইয়াৰ তদন্ত আৰম্ভ কৰে।

২০১৭ চনৰ ১৬ জুনত দিল্লী মেডিকেল কাউন্সিলে তদন্ত কৰি ড° ৰায়ৰ মৃত্যুৰ বাবে দুয়োজন চিকিৎসক দায়ী বুলি ৰায় প্ৰদান কৰিছিল। কিন্তু ড০ ৰায়ৰ স্বামী ড০ অংকুৰণ দত্ত এই ৰায়ত সন্তুষ্ট নাছিল আৰু এই সম্পূৰ্ণ ঘটনাটোৰ পুনৰীক্ষণ কৰাৰ বাবে তেওঁ দেশৰ চিকিৎসা ক্ষেত্ৰখনৰ সৰ্ব্বোচ্চ সংস্হা মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াক (MCI) আবেদন কৰিছিল। এই সন্দৰ্ভত ড০ দত্তই কয় যে, ‘দিল্লী মেডিকেল কাউন্সিলৰ নিৰ্দেশত মই সন্তুষ্ট নহয়, লগতে চিকিৎসক দুজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আৰু শাস্তিৰ ম‍্যাদ বঢ়োৱাৰ কাৰণে এখন ফাইল আবেদন কৰিছিলো। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই (MCI) গোটেই ঘটনাটো পুনৰীক্ষণ কৰাৰ পিছত সেই ঘটনাটো যে চিকিৎসকৰ অৱহেলাৰ কাৰণে সংঘটিত হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দুয়োজনৰ বিপক্ষে ৰায়দান কৰিছে।’

২০১৯ চনৰ ২৭ জুলাই তাৰিখে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই(MCI) দিল্লী মেডিকেল কাউন্সিলৰ(DMC) ৰায় বাহাল ৰাখি এটা নিৰ্দেশ জাৰি কৰে যে, ‘দুয়োজন চিকিৎসক গাফিলতিৰ বাবে দোষী আৰু ১৫ দিনৰ কাৰণে চিকিৎসক দুজনক দিল্লী মেডিকেল কাউন্সিলৰ ষ্টেট মেডিকেল ৰেজিষ্টাৰৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ বাহাল ৰাখে। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ(MCI) এথিকেল ছাব কমিটীয়ে (Ethical Sub-Committee) এইটো নিশ্চিত কৰে যে দিল্লী মেডিকেল কাউন্সিলৰ(DMC) নিৰ্দেশত কোনোধৰণৰ দুৰ্বলতা নাই আৰু যাৰ বাবে এই নিৰ্দেশটো বাহাল ৰখাৰ সিদ্ধান্ত লয়।’

ওপৰোক্ত নিৰ্দেশৰ বিষয়ে ড০ দত্তই উল্লেখ কৰে যে, ‘চিকিৎসক দুজনক যি শাস্তি প্ৰদান কৰা হৈছে তাক লৈ এতিয়াও মই সন্তুষ্ট নহয় আৰু এইটো অতি দুৰ্ভাগ‍্যজনক যে, চিকিৎসকক দোষী হিচাপে সাব‍্যস্ত কৰাৰ পিছতো আনৰ জীৱনৰ লগত হেতালি খেলাৰ সুযোগ দিয়া হয় এইখন দেশত৷ এটা মেডিকেল ডিগ্ৰীৰ ক্ষমতা ইমানেই যে আমাৰ দেশত এজন হত্যাকাৰীক এই ডিগ্ৰী থকাৰ বাবে কাৰাদণ্ডৰ সলনি ১৫ দিনৰ কাৰণে হলীডে’ পেকেজ দিয়া হয়।’

২০১৭ চনৰ ১৬ জুনত দিল্লী মেডিকেল কাউন্সিলে(DMC) জাৰি কৰা নিৰ্দেশত উল্লেখ কৰিছিল যে অস্ত্ৰোপচাৰৰ সময়ত ড০ ৰায়ৰ বেমাৰৰ লক্ষণ সুনিশ্চিত কৰাৰ বাবে কোনোধৰণৰ আলট্ৰাছাউণ্ড কৰা হোৱা নাছিল। কোনো পৰীক্ষা নকৰাকৈয়ে গলব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল৷ ইয়াৰোপৰি চিকিৎসালয়ত চোৱা–চিতা কৰাৰ বাবে কোনোধৰণৰ এয়াৰ ৱে’ প্ৰেচাৰ অথবা ETC02ৰ ব‍্যৱস্থা নাছিল আৰু অপাৰেচন থিয়েটাৰতো চোৱা-চিতা কৰাৰ বাবে পৰ্যাপ্ত আহিলা বা সঁজুলি নাছিল। লগতে ড০ ৰায়ে যেতিয়া হৃদৰোগত ভুগি থাকে, সেই সময়ত কোনো এজন কাৰ্ডিঅ’লজিষ্টৰ পৰামৰ্শ নোলোৱাকৈ আৰু ড০ ৰায়ক অস্ত্ৰোপ্ৰচাৰৰ সময়ত হাৰ্ট এটেক হোৱাৰ পিছতো কাৰ্ডিয়েক কেয়াৰ ইউনিটত ভৰ্তি কৰোৱাৰ পৰিৱৰ্তে ছাৰ্জিকেল আই চি ইউতহে ভৰ্তি কৰোৱা হয়। আটাইতকৈ আশ্চৰ্যকৰ বিষয়টো হ’ল ড০ ৰায়ৰ মৃত‍্যু হোৱাৰ পিছত মৃতদেহটোৰো কোনোধৰণৰ পৰীক্ষা কৰা নহ’ল।

মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই এইটো স্পষ্ট কৰিছিল যে, চিকিৎসালয়খনৰ দস্তাবেজসমূহ বহু নিম্নমানৰ হোৱাৰ লগতে ড০ ৰায়ৰ স্বাস্থ্যৰ উন্নতি–অৱনতিৰ কোনোধৰণৰ লিখিত তথ্য নাছিল। ইয়াৰোপৰি শল‍্য চিকিৎসা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত আহিলা নাছিল বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, প্ৰয়াত ড০ অনামিকা ৰায়ৰ অস্ত্ৰোপ্ৰচাৰ দিল্লীৰ নৱজীৱন হাস্পতালত ডাঃ চন্দন কুমাৰ ডেকা (DMC ৰেজি. নং- ২৪৩৩১) আৰু ডাঃ অভিজিৎ খাউণ্ড (DMC ৰেজি. নং- ১৫৭৬১)ৰ তত্ত্বাৱধানত কৰিছিল আৰু দিল্লীৰ জয়পুৰ গ’ল্ডেন হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল য’ত চিকিৎসা সন্ত্ৰাসৰ বলি হৈ মৃত্যু হৈছিল৷
আৰু চাওক পৰৱৰ্তী বাতৰি