৮ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত GMCHৰ চিকিৎসক

দিছপুৰ লাষ্টগে’টৰ হৰেন কুমাৰ নামৰ এজন লোকে দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰিছিল অভিযোগ।

News18-Assam
Updated:October 22, 2019, 5:26 PM IST
৮ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত GMCHৰ চিকিৎসক
দিছপুৰ লাষ্টগে’টৰ হৰেন কুমাৰ নামৰ এজন লোকে দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰিছিল অভিযোগ।
News18-Assam
Updated: October 22, 2019, 5:26 PM IST
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চিকিৎসক। এজন লোকৰ পৰা ১০ হাজাৰ টকা লোৱাৰ সময়তে হাতে–লোটে ধৰা পৰে চিকিৎসকজন। চিকিৎসকজনৰ নাম মনোজ বৈশ্য। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ নামত লোকজনৰ পৰা ধনদাবী কৰিছিল চিকিৎসকজনে।

দিছপুৰ লাষ্টগে’টৰ হৰেন কুমাৰ নামৰ এজন লোকে দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰিছিল অভিযোগ। ১৯ ছেপ্টেম্বৰত হৰেন কুমাৰৰ ভাতৃৰ মৃত্যু হৈছিল। তাৰ পিছৰে পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত মৃত লোকজনৰ পৰিয়ালক হাৰাশাস্তি কৰিছিল চিকিৎসকজনে। মাছ–মাংস নোখোৱা ৰামেশ্বৰ প্ৰসাদ শ্বাহ নামৰ মৃত লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অত্যধিক সুৰা আৰু মাংস খোৱা বুলি উল্লেখ থকাত সন্দেহ হয় পৰিয়ালৰ। লগে লগে ৰিপ’ৰ্ট সলনি কৰি দিব বুলি ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল চিকিৎসকজনে। সেইমৰ্মে মৃত লোকজনৰ ভাতৃয়ে প্ৰথমে ৪ হাজাৰ টকা আৰু আজি ৮ হাজাৰ টকা দিবলৈ আহিছিল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি