এটা দুখৰ খবৰ! হৃদৰোগত আক্ৰান্ত হৈ অসমীয়া চিকিৎসকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:March 30, 2020, 9:41 AM IST
এটা দুখৰ খবৰ! হৃদৰোগত আক্ৰান্ত হৈ অসমীয়া চিকিৎসকৰ মৃত্যু
মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত কৰ্মৰত আছিল চিকিৎসকগৰাকী।

মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত কৰ্মৰত আছিল চিকিৎসকগৰাকী।

  • Share this:
কোৰোণাৰ সন্ত্ৰাসৰ মাজতে এটা দুখৰ খবৰ। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু এজন অসমীয়া চিকিৎসকৰ। চিকিৎসকজনৰ নাম ডাঃ উৎপল বৰ্মন। জিআনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক বৰ্মনে। মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত কৰ্মৰত আছিল চিকিৎসকগৰাকী। মৃত্যুৰ সময়ত ডাঃ বৰ্মনে এই সংসাৰত এৰি গৈছে পত্নী আৰু দুটি সন্তান। ডাঃ উৎপল বৰ্মনৰ পত্নী এগৰাকী মণিপুৰী নাৰ্ছ। সূত্ৰ মতে, কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ক্লৰকুইন সেৱন কৰিছিল চিকিৎসকগৰাকীয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাতহে স্পষ্ট হ’ব সকলো।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading