নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক ডাঃ দিগন্ত বৰাই হাতত লাঠী লৈ চালে ৰোগী।
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক ডাঃ দিগন্ত বৰাই হাতত লাঠী লৈ চালে ৰোগী।
হোজাইৰ উদালীত চিকিৎসক সেউজ কুমাৰ সেনাপতিক কৰা আক্ৰমণৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ স্যবস্ত কৰিলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শল্য চিকিৎসক দিগন্ত বৰাই। বৃহস্পতিবাৰে হাতত লাঠী লৈ ৰোগী চালে চিকিৎসক গৰাকীয়ে।
পিছে এই লাঠী ৰোগীক প্ৰহাৰৰ বাবে নহয়। নিজৰ সুৰক্ষাৰ বাবেহে হাতত লাঠী লৈ চিকিৎসা কৰাৰ সংবাদ মাধ্যমক জনালে ডাঃ দিগন্ত বৰাই। বৃহস্পতিবাৰৰ দিনটো ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ সময়ত চিকিৎসক গৰাকীয়ে হাতত লাঠী লৈ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা কাৰ্যই সকলোকে আকৰ্ষিত কৰে। উল্লেখযোগ্য যে, ডা: দিগন্ত বৰাৰ এই কাৰ্যক সমৰ্থন কৰে চিকিৎসালয়খনৰ আন স্বাস্থ্যকৰ্মী সকলেও।
উল্লেখযোগ্য যে, চাকৰি কালৰ আৰম্ভণিৰে পৰা নগাঁৱৰ বিভিন্ন গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা ডাঃ দিগন্ত বৰাই চাকৰিকালত বিভিন্ন তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা বুলিও সংবাদ মাধ্যমক অৱগত কৰে। চিকিৎসকৰো ক্ষমতা সীমিত সেয়া যদি সাধাৰণ ৰাইজে বুজি নাপায় তেনেহ'লে চিকিৎসক সকল আৰু নিৰ্যাতনৰ সন্মুখীন হ'ব বুলিও তেঁও আক্ষেপ প্ৰকাশ কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|