• Home
  • »
  • News
  • »
  • assam
  • »
  • দেশ কঁপোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ লিখিত যুক্তি দাখিল

দেশ কঁপোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰৰ লিখিত যুক্তি দাখিল

আৰক্ষীয়ে এসপ্তাহৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

আৰক্ষীয়ে এসপ্তাহৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

আৰক্ষীয়ে এসপ্তাহৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

  • Share this:
দেশ কপাই যোৱা টীয়ক চাহ বাগিচাত কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড গোচৰৰ আজি চূড়ান্ত লিখিত যুক্তি সম্পন্ন হয়। অধিবক্তা অনুপ কুমাৰ দত্তৰ পৰা জনিব পৰা মতে, যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চৰকাৰী পক্ষই ৯৪ পৃষ্ঠাৰ লিখিত যুক্তি দাখিল কৰে আৰু অভিযুক্তৰ পক্ষৰ হৈ ৮২৮ পৃষ্ঠাৰ লিখিত যুক্তি দাখিল কৰে অধিবক্তা অনুপ কুমাৰ দত্তই।

উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সমগ্ৰ দেশ কঁপাই যোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল। চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল চিকিৎসকগৰাকীক। দীৰ্ঘসময় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত উন্মত্ত শ্ৰমিকৰ দলটোৱে বাধা প্ৰদান কৰাত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি লৈছিল গুৰুতৰভাৱে আহত জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে।

ইয়াৰ পিছতেই চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল–সংগঠনে। সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ দিছিল। দাবী তুলিছিল ফাষ্ট ট্ৰেক আদালতত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ বিচাৰৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছিল চিকিৎসক গৰাকীৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হোৱাৰ কথা।

আৰক্ষীয়ে এসপ্তাহৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল। বিগত এবছৰে ৩২ জনকৈ অভিযুক্ত ন্যায়িক জিম্মাত আছে। ঘটনা সংঘটিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আজি উক্ত গোচৰৰ চূড়ান্ত লিখিত যুক্তি সম্পন্ন হয়।

অহা ১৫ ছেপ্টেম্বৰত এই গোচৰৰ মৌখিক যুক্তিৰ দিন ধাৰ্য কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া সকলো অপেক্ষাৰত মাথোঁ চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড গোচৰক লৈ আদালতৰ চূড়ান্ত ৰায়লৈ।
Published by:Sanjay Kumar Das
First published: