কোভিড হাস্পতালত বাগৰুম্বা

News18 Assam | News18-Assam
Updated:June 7, 2021, 4:51 PM IST
কোভিড হাস্পতালত বাগৰুম্বা
কোভিড কেয়াৰ চেণ্টাৰটোত বহিঃৰাজ্যৰ পৰা উত্তৰ-পূবলৈ অহা কোভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

কোভিড কেয়াৰ চেণ্টাৰটোত বহিঃৰাজ্যৰ পৰা উত্তৰ-পূবলৈ অহা কোভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

  • Share this:

দেশৰ চৌদিশে সম্প্ৰতি মহামাৰী কোভিডৰ ত্ৰাস। এই ৰোগত ইতিমধ্যে বহুতে অকালতে হেৰুৱাবলগীয়া হৈছে জীৱন। কিন্তু তাৰ মাজতো আশা আৰু সপোন লৈয়েই জীয়াই থাকিবলৈ আগ্ৰহী মানৱ জাতি। কোভিডৰ দ্বিতীয় ঢৌৰ আতংকৰ মাজতে আজি কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি কোভিড কেয়াৰ চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰম ধৰ্মী দৃশ্য৷ কোভিড কেয়াৰ চেণ্টাৰৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলে কোভিড আক্ৰান্তসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে একেলগে বাগৰুম্বা আৰু হিন্দী গীতৰ তালে তালে হাত চাপৰি বজাই কৰে নৃত্য।


চেৰফাংগুৰি কোভিড কেয়াৰ চেণ্টাৰত কোভিড আক্ৰান্তসকলক সাহস দিয়াৰ বাবে লোৱা এই  কাৰ্যত ভাগ লয়  চিকিৎসক ড° আশিস কুমাৰ, প্ৰাংকুষ পোদ্দাৰে। উল্লেখ্য যে উক্ত চেণ্টাৰটোত জিলাখনৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীয়েদি বহিঃৰাজ্যৰ পৰা উত্তৰ-পূবলৈ অহা তথা কোভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Published by: Gautam Barman
First published: June 7, 2021, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি