ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা, বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ শ্ৰমিকৰ

News18 Assam | News18-Assam
Updated:June 10, 2021, 3:31 PM IST
ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমণৰ ঘটনা, বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ শ্ৰমিকৰ
বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক বসন্ত বৰুৱাৰ বয়স ৮১ বছৰ৷ হাতৰ গাঁঠি আৰু পিঠিত আঘাত পাইছে চিকিৎসকজনে।

বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক বসন্ত বৰুৱাৰ বয়স ৮১ বছৰ৷ হাতৰ গাঁঠি আৰু পিঠিত আঘাত পাইছে চিকিৎসকজনে।

  • Share this:
ৰাজ্যত পুনৰ চিকিৎসক আক্ৰমনৰ ঘটনা৷ বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ শ্ৰমিকৰ৷ কোভিডৰ বাবে বাগিচাৰ বজাৰ বন্ধ ঘোষণা কৰাৰ বাবে ক্ষুব্ধ শ্ৰমিকে চিকিৎসকজনক আক্ৰমণ কৰে সান্ধ্য ভ্ৰমণৰ সময়ত৷ চিকিৎসকজনে বজাৰ বন্ধ কৰাৰ সন্দেহ কৰি শ্ৰমিকে চলায় এই আক্ৰমণ৷

বাগিচাত আবদ্ধ কৰি ৰখা চিকিৎসকজনক আজি বিশ্বনাথৰ উপ–আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই উদ্ধাৰ কৰি আনে৷ উদ্ধাৰ কৰি আনি ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় চিকিৎসকজনৰ৷ বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক বসন্ত বৰুৱাৰ বয়স ৮১ বছৰ৷ হাতৰ গাঁঠি আৰু পিঠিত আঘাত পাইছে চিকিৎসকজনে। হাতে হাতে লাঠি লৈ আক্ৰমণকাৰী আহিছিল যদিও কথমপি ৰক্ষা পৰে চিকিৎসকজন৷

আক্ৰমণকাৰীয়ে হতাহতি কৰোতেই ঘৰৰ ভিতৰত সোমাই প্ৰাণ ৰক্ষা কৰে চিকিৎসকজনে৷ তিনিজন লোকে আক্ৰমণ কৰিছিল চিকিৎসকজনক৷ চিকিৎসক বসন্ত গোস্বামীৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ মধুপুৰত৷ বিগত ৯ বছৰ ধৰি বাগিচাখনত কৰ্মৰত হৈ আছিল চিকিৎসকজন৷ নিজৰ আত্ম সন্মানত আঘাত হনাৰ বাবে চিকিৎসকজন পুনৰ বাগিচাখনলৈ উভতি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক চিকিৎসকজনে অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ বাগিচাখনত বৰ্তমান আছে ৩১জন কোভিড ৰোগী৷ কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বাগিচা কৰ্তৃপক্ষই বন্ধ কৰি দিছিল বজাৰ-দোকান৷ ইফালে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ওভতাই পঠালে হাতে হাতে লাঠি জোং লৈ থকি শ্ৰমিকৰ দলে৷
Published by: Sanjay Kumar Das
First published: June 10, 2021, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি