মানৱ সেৱাৰ মানসৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ডাঃ সেউজ কুমাৰ সেনাপতিয়ে। কিন্তু কৰ্মজীৱনৰ দ্বিতীয় দিনটোতে নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ মানৱৰ পাশৱিকতাৰ বলি হ'ল সেউজ। নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ সেউজে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক হিচাপে সোমবাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু মঙলবাৰৰ দিনটোত এজন মৃত কোভিড ৰোগীৰ আত্মীয় তথা একাংশ আদিম মানসিকতাৰ জঘন্য লোকৰ পাশৱিক আক্ৰমণৰ বলি হৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে চিকিৎসকগৰাকী।
সেউজে নিউজ১৮ অসমক জনোৱা অনুসৰি, তেওঁক লোহাৰ ৰড, লাঠী, চৰিয়া আদিৰে দলবদ্ধ আক্ৰমণ কৰাৰ উপৰি তেওঁৰ মোবাইল ফোন, সোণৰ চেইন আদি কাঢ়ি নিছিল আক্ৰমণকাৰীয়ে। ভাঙি পেলোৱা হৈছিল সেউজৰ চশমা। তাৰ পিছতো সেউজে নিজৰ প্ৰাণৰক্ষা কৰি তাৰ পৰা পলায়ন কৰিছিল। চশমা অবিহনে ভালকৈ নেদেখা সেউজে ১২ কিলোমিটাৰ পথ তেনেকৈয়ে গাড়ী চলাই আহিছিল। অৱশেষত এজন লোকে তেঁওক উদ্ধাৰ কৰি নগাঁৱলৈ লৈ আহে।
ইতিমধ্যে এই ঘটনাত জড়িত ৫জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে দুজন লস্কৰ পথাৰৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন আৰু আন এজনক বামুণ গাঁৱৰ তৈয়বুৰ ৰহমান বুলি জানিব পৰা গৈছে। ঘটনাত জড়িত আটাইকেইগৰাকীকে কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে নগাঁৱৰ ৰাইজে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|