ৰাজ্য জোঁকাৰি যোৱা ঘটনা। হোজাই জিলাৰ ফুলতলীস্থিত কোভিড কেয়াৰ চেণ্টাৰত ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। একাংশ উদণ্ড লোকে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ ফলত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে চিকিৎসক ডাঃ সেউজ সেনাপতি। বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চলি আছে চিকিৎসক ডাঃ সেউজ সেনাপতিৰ চিকিৎসা।
চিকিৎসক জনৰ শেহতীয়া স্বাস্থ্যৰ সন্দৰ্ভত GMCHৰ অধ্যক্ষই কয় যে, 'পিঠিত গুৰুতৰ আঘাত পাইছে ডাঃ সেউজ কুমাৰ সেনাপতিয়ে। মুখ মণ্ডলটো আঘাত আছে। নাকৰে তেজ নিগৰি আছিল। মঙলবাৰে নিশা তেওঁক চাৰ্জাৰী বিভাগত ভৰ্তি হৈ আছে। নিশাই ENT বিভাগে নাক, কান, মুখ আদিৰ পৰীক্ষা কৰিছে। চকুতো কিছু আঘাত পোৱা বুলি কৈছিল। সেয়ে চকুৰ পৰীক্ষা কৰা হৈছে। CT স্কেন আদিও কৰা হৈছে। বৰ্তমান সংকতমুক্ত।'
ইফালে ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই বৰ্বৰ ঘটনাক প্ৰশাসনে কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰি অসম আৰক্ষী আৰু এডিজিপি জি পি সিঙক এইক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে।
কিয় সংঘটিত হৈছিল ঘটনাটো?হোজাই জিলাৰ ফুলতলীস্থিত কোভিড কেয়াৰ চেণ্টাৰত আজি বিয়লি ২নং পিপল পুখুৰী গাঁৱৰ গিয়াছ উদ্দিন নামৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হয়। ইয়াকে লৈ ৰোগীজনৰ আত্মীয়ই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উঠাই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে আৰু চিকিৎসক ডাঃ সেউজ সেনাপতিক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে সেই সময়ত কৰ্তব্যৰত একাংশ নাৰ্ছকো মাৰ-ধৰ কৰে। ৰাইজৰ উগ্ৰমূৰ্তি দেখি হাস্পতাল এৰি পলায়ন কৰিবলগীয়া হয় স্বাস্থ্য কৰ্মীৰ দলটো। উত্তেজিত লোকে কোভিড চেণ্টাৰৰ দুৱাৰ–খিৰিকীও ভাঙি চূৰমাৰ কৰে।
উল্লেখ্য চিকিৎসকে ৰোগীজনৰ কাঁহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও প্ৰস্ৰাৱ নোহোৱাত তেওঁক কৃত্ৰিমভাৱে প্ৰস্ৰাৱ কৰোৱাৰ ব্যৱস্থা কৰাৰ সময়ত হঠাতে ৰোগীজনৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে। কিন্তু ৰোগীৰ আত্মীয়ই এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ উত্তেজিত হয় আৰু চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে। তেওঁক খেদি খেদি মাটিত বগৰাই বগৰাই মাৰপিট কৰাৰ উপৰি গাৰ কাপোৰ কানিও ফালি পেলায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|