হোজাই জিলাৰ ডবকাৰ মিকিৰআটী হাওঁগাওঁত থকা টোলগেট (Doboka TollGate)ত আজি পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ একেখন গাড়ীৰ পৰা তিনিবাৰকৈ কৰ লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ হোজাই জিলাতেই ব্যাপক প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে ৷
বাতৰি অনুসৰি আজি পুৱাৰে পৰা ডবকাৰ পৰা নগাওঁ আৰু নগাওঁৰ পৰা ডবকা হৈ বিভিন্ন প্ৰান্তলৈ অহা যোৱা গাড়ীসমূহ ডবকাৰ মিকিৰআটী হাওঁগাওঁ টোলগেট পাৰ হওঁতে প্ৰথমে ফাষ্টটেগৰ জৰিয়তে এবাৰ টোল কাটি লোৱাৰ পাছতেই পুনৰ একেখন গাড়ীৰে দুবাৰকৈ ফাষ্টটেগৰ জৰিয়তে কৰ কাটি নিয়ে ৷ ইয়াকে লৈ ব্যক্তিগত বাহনৰ মালিক গাড়ীৰ চালক, হেণ্ডিমেনে টোলগেটত আহি তেওঁলোকৰ একোখন গাড়ী এবাৰ পাৰ হোৱাৰ বিনিময়ত তিনিবাৰকৈ কৰ লোৱাৰ কথা অৱগত কৰে আৰু ইয়াৰ কাৰণ জানিব বিচাৰে ৷ টোলগেট কৰ্তৃপক্ষই গাড়ীৰ মালিক, চালক, হেণ্ডিমেনক ইয়াৰ কোনো সদুত্তৰ দিব নোৱাৰিলে ৷
ইয়াৰ পাছত টোলগেটত জমা হোৱা গাড়ীৰ মালিক, চালক, হেণ্ডিমেন আৰু স্থানীয় একাংশ ৰাইজে টোলগেটৰ মইমতালিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে টোলেগটৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷ উত্তেজিত ৰাইজে টোলগেটখন উঠাই দিয়াৰ দাবী জনায় ৷ দীৰ্ঘ সময় ধৰি পথ অৱৰোধ হৈ থকাৰ ফলত টোলগেটখনত কেইবা শতাধিক গাড়ীৰ চলাচল বন্ধ হৈ পৰে।
ইয়াৰ মাজতে পথ অৱৰোধৰ খবৰ পাই ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হয় আৰু প্ৰতিবাদকাৰী ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চাৰিজনক আটক কৰে৷ আৰক্ষীৰ বুজনিৰ অন্তত প্ৰতিবাদী ৰাইজে পথটে মুকলি কৰি দিয়ে ৷
উল্লেখ্য যে ডবকাৰ এই মিকিৰআটী হাওঁগাওঁ টোলগেটত পূৰ্বেও গাড়ীৰ চালক, যাত্ৰীক টোলগেটৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰা, গাড়ীসমূহৰ পৰা অতিৰিক্ত পৰিমানে ধন সংগ্ৰহৰ বহু অভিযোগ আছিল ৷ ইয়াৰ পাছতো চৰকাৰ কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে টোলগেট কৰ্তৃপক্ষই আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ৷
ইফালে টোলগেটৰ একাংশ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে যান্ত্ৰিক বিজুটিৰ বাবেহে আজি এই খেলিমেলিৰ সৃষ্টি হৈছে ৷ সমগ্ৰ বিষয়টোত এক তদন্ত কৰি টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে ৷ ইপিনে আটক কৰা চাৰিজনক সন্ধিয়াৰ ভাগত মুকলি কৰি দিয়া বুলি আৰক্ষীয়ে জানিব দিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|