• Home
  • »
  • News
  • »
  • assam
  • »
  • সামান্য় কথাত তৰ্কা-তৰ্কি! পাষাণ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধা মাতৃক

সামান্য় কথাত তৰ্কা-তৰ্কি! পাষাণ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধা মাতৃক

ডবকাৰ আকাশীগংগাত পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে মাতৃক। হত্যাকাৰী পুত্ৰ আৰক্ষীৰ জালত।

ডবকাৰ আকাশীগংগাত পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে মাতৃক। হত্যাকাৰী পুত্ৰ আৰক্ষীৰ জালত।

ডবকাৰ আকাশীগংগাত পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে মাতৃক। হত্যাকাৰী পুত্ৰ আৰক্ষীৰ জালত।

  • Share this:
দেওবাৰে সন্ধিয়া হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত আকাশীগংগা হালধিআটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধিয়াৰ ভাগত ৩২ বছৰীয়া হাৰিচ আলী নামৰ যুৱক জনৰ সৈতে তেওঁৰ মাতৃ হাচন ভানুৰ সামান্য কথাত কিছু তৰ্কা-তৰ্কি হৈছিল।

মাতৃয়ে খঙতেই পুত্ৰ হাৰিচ আলীক কৈছিল, তই মোৰ পুত্ৰ নহয়। আৰু তাৰ পিছতেই পুত্ৰ হাৰিচে খঙত অগ্নিশৰ্মা হৈ ৬০ বছৰীয়া বৃদ্ধা মাতৃক দাৰে ঘপিয়াই হাত, ডিঙি কাটি মুমূৰ্ষু অৱস্থাত চোতালত পেলায় থৈ পলায়ন কৰে।

পিছত সংকটজনক অৱস্থাত স্থানীয় লোক আৰু আকাশীগংগা আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি ডবকা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয় পোৱাৰ পুৰ্বেই মৃত্যু ঘটে বৃদ্ধা মাতৃগৰাকীৰ।বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী পুত্ৰ হাৰিচ আলীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। এই চাঞ্চল্যকৰ হত্যা কাণ্ডৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি