তালিবানৰ সমৰ্থনত ফেচবুক পোষ্ট কৰা বহুকেইজন লোকক আজি অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কৰিছে গ্ৰেপ্তাৰ।হোজাই জিলাৰ ডৱকাতো তালিবানৰ সমৰ্থনত পোষ্ট কৰি ৰঙাঘৰত সোমাল এজন অৱসৰপ্ৰাপ্ত শিক্ষক।
ডবকা আৰক্ষীয়ে ডৱকাৰ ১০ নং ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৌলানা বচিৰ উদ্দিন লস্কৰ নামৰ অৱসৰ প্ৰাপ্ত শিক্ষক জনক। ধৃত লস্কৰৰ বিৰুদ্ধে ডৱকা থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি শংকৰদেৱ নগৰ প্ৰথম শ্ৰেণীৰ আদালতত হাজিৰ কৰায়।পিছত আদালতে লস্কৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
ইফালে তালিবানীৰ বৰ্বৰ কাৰ্যক সমৰ্থন কৰা ১৪ জন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আফগানিস্তানত তালিবানৰ উত্থানৰ পিছতে অসমৰ ছ'চিয়েল মিডিয়াত তালিবাসী সমৰ্থকৰ জোৱাৰ উঠিছে। ফেচবুক, হোৱাটছএপত তালিবানৰ সমৰ্থনত মন্তব্য অসমৰ একাংশ। ধুবুৰী, কামৰূপ, বৰপেটা আৰু কৰিমগঞ্জৰ পৰা গ্ৰেপ্তাৰ দুটাকৈ তালিবানৰ সমৰ্থকক। দৰং, কাছাৰ, হাইলাকান্দি, গোৱালপাৰা আৰু হোজাইৰ পৰা গ্ৰেপ্তাৰ এজনকৈ তালিবানৰ সমৰ্থকক। দৰঙত গ্ৰেপ্তাৰ মৌলানা ফজুল কৰিম, কামৰূপত গ্ৰেপ্তাৰ আবুবক্কৰ ছিড্ডিক ওৰফে আফগা খান অভিলেখ আৰু ছাইদুল হক।
কাছাৰত গ্ৰেপ্তাৰ জাৱেদ মজুমদাৰ, বৰপেটাত গ্ৰেপ্তাৰ মজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান৷ ধুবুৰীত গ্ৰেপ্তাৰ চৈয়দ আহমেদ আৰু আৰমান হুছেইন। আনহাতে পুৱাই হাইলাকান্দি আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে নাদিম আখতাৰ লস্কৰ নামৰ মেডিকেলৰ ছাত্ৰ জনক। দক্ষিণ শালমৰাত গ্ৰেপ্তাৰ খণ্ডকাৰ নুৰ আলম। গোৱালপাৰাত গেপ্তাৰ মৌলানা য়াছিম খান, হোজাইত গ্ৰেপ্তাৰ মৌলানা বছিৰুদ্দিন লস্কৰ, কৰিমগঞ্জত গ্ৰেপ্তাৰ মজিবুদ্দিন আৰু মৰ্তুজা হুছেইন খান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|