ডিজিটেল প্ৰেমত পৰি সৰ্বস্বান্ত হ’ল ডবকাৰ এগৰাকী যুৱতী। কেবল যুৱতীগৰাকীয়েই নহয়, যুৱতীগৰাকীৰ আত্মীয়ৰ পৰাও লুটি লৈ গ’ল ছয় লক্ষাধিক টকা। এই ঘটনাই ডবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ডবকাৰ এগৰাকী যুৱতীৰ সৈতে মোবাইলত ৰং নম্বৰৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল কলিয়াবৰৰ এজন যুৱকৰ। তিনি মাহ মোবাইল প্ৰেমৰ অন্তত প্ৰেমিকে দিলে পলাই যোৱাৰ প্ৰস্তাৱ। প্ৰেমিকাই পলাই যাবলৈ অমান্তি হৈ দিলে আনুষ্ঠানিক বিয়াৰ প্ৰস্তাৱ। প্ৰেমিকাৰ কথাত মান্তি হ’ল প্ৰেমিক। সেই মতে প্ৰেমিক জমিৰে কলিয়াবৰৰ জাকিৰ আৰু তেজপুৰৰ বাবুলক আত্মীয় সজাই ডবকাৰ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ ৰাইজৰ সহযোগত বিবাহ পাশত আৱদ্ধ হয়।
আঠ মাহ ঠিকে ঠাকে চলিল দুয়োৰে সংসাৰ। স্বামী জমিৰৰ স্বভাৱ চৰিত্ৰ খুব ভাল বুলি সকলোৱে অৱগত হ’ল। পত্নীয়ে ইতিমধ্যে স্বামীক লক্ষাধিক টকা খৰচ কৰি স্কুটী এখনো কিনি দিয়ে। তদুপৰি জমিৰে পত্নীৰ কেইবাজনো আত্মীয়ৰ পৰা কচমেটিক আৰু ৰবৰৰ ব্যাৱসায় কৰাৰ বাবে ভাগে ভাগে প্ৰায় ছয় লক্ষাধিক টকা ঋণ লয়। পত্নীৰ নামত থকা এক লাখ ২০ হাজাৰ টকাৰ নতুন স্কুটী, বাকচত থকা সোণৰ আঙুঠি দুটা আৰু যুৱতীৰ আত্মীয়ৰ পৰা ছয় লক্ষাধিক টকা লৈ উধাও হ’ল জমিৰ।
জমিৰৰ সহজ–সৰল মুখাখনৰ আঁৰত যে এনেকুৱা লম্পট চৰিত্ৰ লুকাই আছিল ধৰিবলেই নোৱাৰিলে পত্নীয়ে। এতিয়া স্বামীক বিচাৰি হাবাথুৰি খাইছে মহিলাগৰাকীয়ে। কলিয়াবৰত থকা স্বামীৰ স্বয়ম্ভু অভিভাৱকেও গুৰুত্ব দিয়া নাই মহিলাগৰাকীক।
ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলাগৰাকীৰ লগতে আত্মীয়ই জমিৰৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী যুৱতীগৰাকীৰ দাবী, দুই স্বয়ম্ভু অভিভাৱক জাকিৰ বাবুল আৰু জাকিৰক সোধা–পোছা কৰিলে জমিৰৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ব আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|