অবৈধ প্ৰেমৰ পৰিণতি! যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা প্ৰেমিকক ৰছীৰে বান্ধি প্ৰেমিকাই গতালে আৰক্ষীক

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:43 PM IST
অবৈধ প্ৰেমৰ পৰিণতি! যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা প্ৰেমিকক ৰছীৰে বান্ধি প্ৰেমিকাই গতালে আৰক্ষীক
মহিলাগৰাকী আৰু এজন যুৱকৰ দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।

মহিলাগৰাকী আৰু এজন যুৱকৰ দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।

  • Share this:
আন্তর্জাতিক নাৰী দিৱসৰ দিনাই হোজাই জিলাৰ ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ যৌন নিৰ্যাতনৰ ঘটনা। স্বামী বিদেশত থকাৰ সুযোগত এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অপচেষ্টা কৰা এগৰাকী বিবাহিত যুৱকৰ ভয়ংকৰ কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে।

মহিলাগৰাকী আৰু এজন যুৱকৰ দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।নিৰ্যাতিত মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, দেওবাৰে নিশা মদাৰতলী গাঁৱৰ ছফৰ আলীৰ বিবাহিত পূত্ৰ আইনুল হকে স্বামী ঘৰত নথকাৰ সুযোগত ঘৰত অনধিকাৰ প্ৰৱেশ কৰি মহিলাগৰাকীৰ মুখত সোপা দি যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই। যুৱকজনৰ কবলৰ পৰা অতি কৌশলেৰে নিজকে  ৰক্ষা কৰি ঘৰৰ পৰা ওলাই বাহিৰৰ পৰা তলা লগাই যুৱকজনক ঘৰৰ ভিতৰত আৱদ্ধ কৰি  চিঞৰ–বাখৰ আৰম্ভ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে।

গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱকজনক ডবকা আৰক্ষী থানাত চমজাই দিয়ে। আৰক্ষীয়ে যুৱকজনক আটক কৰি মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল আইনুল হকৰ।

মহিলাগৰাকীৰ স্বামী চৌদি আৰৱত থকাৰ সুযোগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি গৈছিল আইনুলে। মহিলাগৰাকীৰ পৰা বহু টকাও সৰকাইছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি মহিলাগৰাকীৰ সৈতে মধুৰ সম্পৰ্কৰ সময়ত ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং কৰি বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে।

অবৈধ প্ৰেমৰ বাবে কেইবাবাৰো সামাজিক বিচাৰো হৈছিল বুলি মহিলাগৰাকীয়ে উল্লেখ কৰিছে। পুৰ্বেও  যুৱকজনৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত গোচৰ তৰিছিল মহিলাগৰাকীয়ে। যুৱকজনৰ পৰিয়ালেও পিছলৈ অন্য যুৱতীৰ সৈতে বিয়া পাতি দিয়ে যদিও মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি গৈছিল যুৱকজনে। মহিলাগৰাকীৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা ছৌদিত থকা স্বামীয়ে অৱগত হোৱাত দুয়োৰে মাজত পাৰিবাৰিক কন্দলো আৰম্ভ হৈছিল। স্বামীয়ে ছৌদিৰ পৰা পঠোৱা টকা মহিলাগৰাকীৰ পৰা কৌশলেৰে সৰকাইছিল বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 9:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি