হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্য়ু হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা ঘটনাই ত্ৰাসৰ সৃষ্টি কৰিছে৷
ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা টঙীয়া গাৱত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম চুকুমনি গৌড় বুলি জানিব পৰা গৈছে ৷ হাতীৰ জাকটোৱে ডবকা সংৰক্ষিত বনাঞ্চলত কালি সন্ধিয়া প্ৰৱেশ কৰিছিল বুলি কয় একাংশ লোকে , নিশা কাষতে থকা টঙীয়া গাওঁখনলৈ যায় জাকটোৱে৷ নিশা দহ মান বজাত চুকুমনি গৌড় নামৰ মহিলা গৰাকীয়ে আন এগৰাকী সহযোগীৰ সৈতে হালধীআটীৰ পৰা বজাৰ কৰি নিজ গৃহ অভিমুখে গৈ থাকোতেই বন্যহস্তীৰ জাকটোৰ মুখামুখি হয় ৷ এগৰাকী মহিলা পলায় সাৰে যদিও চুকুমনি গৌড় নামৰ মহিলাগৰাকীৰ হাতীয়ে গচকত মৃত্য়ু হয় ৷ গাওঁখনত প্ৰৱেশ কৰিয়েই হাতীৰ জাকটোৱে খাদ্য শস্য খাই তহিলং কৰাৰ লগতে তাণ্ডব চলায় ৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ দল আৰু আৰক্ষীৰ লোক ৷ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ যোৱা কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তীৰ জাকে গাঁওখনত তাণ্ডব চলোৱাৰ কথা জানিবলৈ দিছে স্থানীয় ৰাইজে৷
আনহাতে হোজাইৰ যমুনামুখতো দিন দুপৰতে বন্যহস্তীৰ জাকে তাণ্ডৱ আৰম্ভ কৰে ৷ যমুনামুখৰ চাংজুৰাই গাঁৱত অৱস্থান কৰা ১০০-১৫০ জনীয়া হাতীৰ জাক এটাই গাঁৱত থকা উৰিয়াম ঘাট ৰিজাৰ্ভত পুৱতি নিশাৰ পৰাই অৱস্থান কৰেহি ৷ দিন দুপৰতে *যমুনামুখ- কামপুৰ* সংযোগী পথত হাতীৰ জাকটোৱে অৱস্থান কৰাত আতংকৰ মাজত আছে অঞ্চলটোৰ জনতাই ৷ উক্ত পথেৰে আহি থকা এখন ই ৰিক্সাক এটা হাতীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় যদিও কথমপি ৰক্ষা পৰে ই ৰিক্সাৰ চালকজনে৷ কথমপি প্ৰাণ ৰক্ষা পৰে ই-ৰিক্সা চালকৰ লগতে আৰোহীৰ। সম্প্ৰতি আতংকিত হৈ আছে চাংজুৰাই গাঁওবাসী, কিয়নো নিশা হ'লেই গাঁৱত হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাৰ ভয় তেওঁলোকৰ।
Published by: Kokil Sarma
FIRST PUBLISHED : December 04, 2022, 00:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|