১৩ বছৰত বিদেশীৰ নামত অসমৰ ৰাজকোষৰ পৰা ওলাই গ’ল ১২৪৫ কোটি টকা

অসম চুক্তি ৰূপায়ণ বিভাগৰ তথ্য অনুসৰি ডিটেনচন কেম্পৰ প্ৰতিজন বিদেশীৰ নামত অসম চৰকাৰৰ বছৰি ব্যয় হয় ১৭হাজাৰ টকা।

news18assam
Updated:April 30, 2019, 4:23 PM IST
১৩ বছৰত বিদেশীৰ নামত অসমৰ ৰাজকোষৰ পৰা ওলাই গ’ল ১২৪৫ কোটি টকা
অসম চুক্তি ৰূপায়ণ বিভাগৰ তথ্য অনুসৰি ডিটেনচন কেম্পৰ প্ৰতিজন বিদেশীৰ নামত অসম চৰকাৰৰ বছৰি ব্যয় হয় ১৭হাজাৰ টকা।
news18assam
Updated: April 30, 2019, 4:23 PM IST
অগ্নিভ গগৈ : কেৱল বিদেশী বিতাৰণৰ নামত ৰাজ্যখনত ব্যয় হোৱা ধনৰ পৰিমাণ আপুনি জানেনে? বিদেশীৰ নামত ৰাজকোষৰ পৰা ওলাই যোৱা ধনৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি। বিদেশী বহিষ্ককৰণৰ নামত ৰাজকোষ ৰ পৰা ওলাই গ’ল কোটি কোটি টকা। অসম চুক্তি ৰূপায়ণ বিভাগৰ তথ্য অনুসৰি বিগত ১৩ বছৰত বিদেশীৰ নামত ব্যয় কৰা হৈছে ১২৪৫ কোটি টকা।

ডিটেনচন কেম্পত বন্দী হৈ থকা অবৈধ বিদেশীক এৰি দিয়াৰ প্ৰস্তাৱ ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত দিয়াৰ পিছতেই সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। উল্লেখ্য যে বিগত ১৩ বছৰত কেৱল বিদেশী কৰায়ত্ত, চিনাক্তকৰণ আৰু বিতাৰণৰ নামতেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে হাজাৰ কোটিৰো অধিক টকা। অসম চুক্তি ৰূপায়ণ বিভাগৰ তথ্য মতে বিগত ১৩ বছৰত অবৈধ বিদেশীৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰা হৈছে ১২৪৫ কোটি টকা।

বৰ্তমানলৈকে ৰাজ্যৰ ১০০খন বিদেশী ন্যায়াধীকৰণত খৰচ কৰা হৈছে ১৪৮ কোটি টকা। লগতে ৰাজ্যত থকা ৬ টাকৈ ডিটেনচন কেম্পত থকা অবৈধ বিদেশীৰ সংখ্যা হৈছে ৯৩৮ জন। প্ৰতিজনৰ নামত অসম চৰকাৰৰ বছৰি ব্যয় হয় ১৭হাজাৰ টকা। অৰ্থাৎ ডিটেনচন কেম্পত থকা বিদেশীৰ নামত বিগত ৯টা বছৰত ব্যয় কৰা হৈছে ৪.৭৫ কোটি টকা। কেৱল ২০১৭-১৮বৰ্ষতেই এইসকল বিদেশীৰ খাদ্য, সাজপাৰ, চিকিৎসা তথা মনোৰঞ্জনৰ নামত ব্যয় কৰা হৈছিল ১ কোটি ৫৪ লাখ ২৫ হাজাৰ ৯৮৫ টকা। লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত এতিয়ালৈকে ব্যয় কৰা হৈছে ১০৯১.৪৯ কোটি টকা।

ইয়াৰ উপৰিও বিদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত ছিল কৰাৰ বাবদ ব্যয় কৰা হাজাৰ হাজাৰ কোটি টকা শৰাধ কৰিছে কেন্দ্ৰ–ৰাজ্য চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি