"কীৰ্তিকমলৰ লগত সংঘটিত হোৱা গুলীচালনাৰ ঘটনা অতিশয় দুৰ্ভাগ্যজনক। এই ঘটনাৰ দোষীয়ে উচিত শাস্তি পাব। কিন্তু এই ঘটনাক লৈ কোনো বাহিৰা মানুহে ৰাজনীতি কৰাটো আমি নিবিচাৰো।''- নগাঁও আৰক্ষীৰ গুলীত আহত ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ ঘৰত উপস্থিত হৈ এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
কীৰ্তিকমলৰ পিতৃ নীলকমল বৰাক সাক্ষাৎ কৰি এই ঘটনাৰ উচিত তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিধায়ক গৰাকীয়ে কয়, "এই ঘটনা দূৰ্ভাগ্যজনক। কিন্তু নগাঁও আৰক্ষীয়ে বহু কুখ্যাত অপৰাধীক বিগত সময়ছোৱাত দমন কৰিছে। সেয়েহে এজন আৰক্ষীৰ ভুলৰ বাবে সকলো আৰক্ষীৰে মন ভাঙি দিয়াটো উচিত নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ জৰিয়তে কৰাৰ নিৰ্দেশ দিছে আৰু এসপ্তাহৰ ভিতৰত দোষীয়ে উচিত শাস্তি পাব। মুখ্যমন্ত্ৰী গৰাকীয়ে অসমখন অপৰাধমুক্ত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰি গৈছে। নগাঁৱৰ ঘটনাত তৃতীয় শক্তিয়ে সুযোগ ল'বলৈ চেষ্টা কৰিছে আৰু সেয়া আমি সহ্য নকৰো।"
আনহাতে, আজি বিয়লি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি কয়, "মুখ্যমন্ত্ৰীয়ে অসমত হত্যাযজ্ঞ চলাইছে। পুলিচক অত্যাধিক ক্ষমতা দিছে। এনকাউণ্টাৰৰ নামত নিৰ্দোষী মানুহক হত্যা কৰা হৈছে। তদন্ত কমিটীয়ে কি প্ৰতিবেদন দাখিল কৰে আমি তাৰ ওপৰত চকু ৰাখিম।"
ইপিনে নগাঁও আৰক্ষী থানাত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান(আইন-শৃংখলা) জি পি সিং উপস্থিত হৈ অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক জেৰা কৰে। জি পি সিঙে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "আইনবিৰোধী কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহ'ব, সেয়া লাগিলে আৰক্ষীৰ ক্ষেত্ৰতে হওক। নগাঁৱৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা হ'ব। এসপ্তাহৰ ভিতৰত তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছতে ব্যৱস্থা লোৱা হ'ব।"
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 23, 2022, 19:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।