ডিমাছাসকলৰ বাবে সুকীয়া হিড়িম্বৰাজি গঠনৰ দাবীৰে ২০১৯ চনত ডিমাছা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএনএলএ (DNLA)ৰ জন্ম হৈছিল। পিছত চৰকাৰৰ আহ্বানক সঁহাৰি জনাই একপক্ষীয় যুদ্ধবিৰতি আৰু তাৰ পিছত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সংগঠন ডি এন এল এৰ শতাধিক কেডাৰে জংঘললৈ ঘূৰি অহাৰ হুংকাৰ দিছে।
মঙলবাৰে এটা ভিডিঅ’ বাৰ্তাত হাৰাংগাজাও ডিএনএলএ (DNLA) শিবিৰৰ ভাৰপ্ৰাপ্ত আৰু সংগঠনটোৰ ডেপুটি চিইনচিয়ে কয় যে চৰকাৰ আৰু বিভিন্ন বেচৰকাৰী দল-সংগঠন, এপেক্স ব'ডীৰ আহ্বানত আমি জংঘল এৰি যুদ্ধবিৰতিত আছোঁ আৰু কিন্তু চৰকাৰীভাৱে আমি কেনেকৈ জীয়াই আছোঁ কোনেও খা-খবৰ লোৱা নাই।
উল্লেখনীয় যে ২০২১ চনৰ ২৮ অক্টোবৰত গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিএনএলএ উগ্ৰপন্থী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল। পিছত ২০২১ চনৰ ১৩ নৱেম্বৰ তাৰিখে মাইবাঙৰ খেপ্ৰে বজাৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ চিইএম দেৱ'লাল গাৰ্লোছাৰ উপস্থিতিত ইথিকা ডিফুছাৰ নেতৃত্বত ৪৭গৰাকী নেতা কেদাৰে অস্ত্ৰ সমৰ্পণ কৰি আলোচনাৰ বাবে আগবাঢ়ি আহে।
বৰ্তমানে ৰাজ্যৰ ক্ৰমে তিনিটা ডেজিগনেটেড কেম্পত প্ৰায় তিনি শতাধিক কেডাৰ আছে। কিন্তু হাৰাংগাজাও কেম্পৰ ডেপুটি চিইনচিৰ ভাষ্য অনুসৰি চৰকাৰে তেওঁলোকক সময়মতে খাদ্য যোগান ধৰাত ব্যৰ্থ হৈছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 18:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।