কাৰ্বি পাহাৰত অস্ত্ৰ–শস্ত্ৰসহ জালত পৰিল দুৰ্ধৰ্ষ জিদুং

ধৃত কেডাৰজনৰ পৰা এটা 9mm পিষ্টল, এটা মেগজিন আৰু ৩ জাঁই গুলী জব্দ কৰা হৈছে।

News18-Assam
Updated:August 13, 2019, 11:16 AM IST
কাৰ্বি পাহাৰত অস্ত্ৰ–শস্ত্ৰসহ জালত পৰিল দুৰ্ধৰ্ষ জিদুং
ধৃত কেডাৰজনৰ পৰা এটা 9mm পিষ্টল, এটা মেগজিন আৰু ৩ জাঁই গুলী জব্দ কৰা হৈছে।
News18-Assam
Updated: August 13, 2019, 11:16 AM IST
কাৰ্বি পাহাৰত অস্ত্ৰ-শস্ত্ৰসহ আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী। কাৰ্বি আংলং আৰক্ষী আৰু সেনাৰ ১২ গাৰোৱাল ৰেজিমেণ্টৰ যুটীয়া অভিযানত জালত পৰে বেতছিং জিদুং ওৰফে মাষ্টৰ ওৰফে জন ডিমাছা। ধনশিৰি অঞ্চলত অভিযান চলাই আটক উগ্ৰপন্থী কেডাৰজনক। ধৃত কেডাৰজনৰ পৰা এটা 9mm পিষ্টল, এটা মেগজিন আৰু ৩ জাঁই গুলী জব্দ কৰা হৈছে।

২০১৪ চনৰ পৰা ২০১৬ চনলৈ UPLFৰ সদস্য আছিল বেতছিং। ২০১৬ত আত্মসমৰ্পণ কৰি পুনৰ ২০১৯ৰ জানুৱাৰীত যোগ দিয়ে উগ্ৰপন্থী সংগঠন DNLAত। সম্প্ৰতি নতুন সদস্যভৰ্তি আৰু প্ৰশিক্ষণৰ দায়িত্বত থকা বেতছিং ডিমাছা ধনদাবী আৰু NSCN(IM)ৰ লগত অস্ত্ৰ সৰবৰাহতো জড়িত আছিল৷
আৰু চাওক পৰৱৰ্তী বাতৰি