মুখ্যপৃষ্ঠা »খবৰ »অসম »Marigaon Minor Rape Case : মৰিগাঁও ধৰ্ষণ কাণ্ডৰ অপৰাধী পাঠাৰ DNAৰ প্ৰমাণ ফৰেণছিকত। নিৰ্যাতিতাৰ দেহত পোৱা ফৰেইণ DNAৰ সৈতে ধৰ্ষণকাৰী পাঠাৰ DNAৰ মিল প্ৰমাণ।

Marigaon Minor Rape Case : মৰিগাঁও ধৰ্ষণ কাণ্ডৰ অপৰাধী পাঠাৰ DNAৰ প্ৰমাণ ফৰেণছিকত। নিৰ্যাতিতাৰ দেহত পোৱা ফৰেইণ DNAৰ সৈতে ধৰ্ষণকাৰী পাঠাৰ DNAৰ মিল প্ৰমাণ।

পাঠাৰ বিৰুদ্ধে অতি শক্তিশালী ছাৰ্জশ্বীট কৰিব পৰা যাব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব ধৰ্ষণকাৰী পাঠাই।

পাঠাৰ বিৰুদ্ধে অতি শক্তিশালী ছাৰ্জশ্বীট কৰিব পৰা যাব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব ধৰ্ষণকাৰী পাঠাই।

পাঠাৰ বিৰুদ্ধে অতি শক্তিশালী ছাৰ্জশ্বীট কৰিব পৰা যাব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব ধৰ্ষণকাৰী পাঠাই।

  • Share this:





জঘন্য আৰু গাৰ নোম শিঁয়ৰি উঠা মৰিগাঁৱৰ ভূৰাগাঁৱৰ নাবালিকা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অপৰাধী পাঠাৰ বিৰুদ্ধে অমোঘ প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী।  এই প্ৰমাণ লাভ কৰাৰ পিছত জঘন্য ধৰ্ষণকাৰী পাঠা বাছি যোৱাৰ আৰু কোনো সুযোগ নাই। 


ফৰেণছিকত প্ৰমাণ হৈছে ধৰ্ষণকাৰী পাঠাৰ DNA. নিৰ্যাতিতা নাবালিকাগৰাকীৰ দেহত পোৱা ফৰেইণ  DNAৰ নুমনা পৰীক্ষা কৰিবলৈ পঠিওৱা হৈছিল ফৰেণছিক লেবৰেটৰীলৈ। লগতে পঠিওৱা হৈছিল অপৰাধী পাঠাৰ  DNAৰ নমুনাও। আজি পোৱা তথ্য মতে পাঠাৰ  DNA আৰু ফৰেইণ  DNAৰ সাদৃশ্য প্ৰমাণ হৈছে ফৰেণছিক পৰীক্ষাত। এই কথা ছচিয়েল মিডিয়াযোগে জনালে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।






 উল্লেখ্য যে ৯ বছৰীয়া এগৰাকী কণমানিক জঘন্যভাৱে ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছিল পাঠা নামৰ ধৰ্ষণকাৰীটোৱে। DGP মহন্তই লিখিছে এই প্ৰমাণ লাভ কৰাৰ পিছত পাঠাৰ বিৰুদ্ধে অতি শক্তিশালী ছাৰ্জশ্বীট কৰিব পৰা যাব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব পাঠাই। DGP মহন্তই মৰিগাঁও আৰক্ষীক লৈ গৌৰৱ প্ৰকাশো কৰিছে।



শেহতীয়া বাতৰি