• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ দীপাৱলীত ফুটাব নোৱাৰিব ফটকা! ৩০ নৱেম্বৰলৈকে ৰাজ্যত নিষিদ্ধ হ’ব পাৰে ফটকা

এইবাৰ দীপাৱলীত ফুটাব নোৱাৰিব ফটকা! ৩০ নৱেম্বৰলৈকে ৰাজ্যত নিষিদ্ধ হ’ব পাৰে ফটকা

file photo

file photo

জৰুৰীকালীনভাৱে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই ৰাজ্য আৰু প্ৰদেশসমূহৰ লগতে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা সাত নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ফটকা নিষিদ্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছে।

  • Share this:
এইবাৰ দীপাৱলীত ফটকা ফুটাব নোৱাৰিব পাৰে। অসমত নিষিদ্ধ হ’ব পাৰে ফটকা। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ জাননী অসম, মেঘালয়, নাগালেণ্ড সহ ১৮খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ। বুধবাৰে প্ৰাধিকৰণৰ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে এই ৰাজ্য আৰু প্ৰদেশসমূহলৈ জাননী প্ৰেৰণ কৰি দীপাৱলীৰ সময়ত ফটকাৰ কাৰণে সৃষ্ট প্ৰদূষণ সন্দৰ্ভত গোচৰৰ শুনানিৰ পৰিসৰ বৃদ্ধিৰ পদক্ষেপ লয়।

অৱশ্যে ৰাজ্যসমূহৰ চহৰৰ নাম ঘোষণা কৰা হোৱা নাই।

জৰুৰীকালীনভাৱে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই ৰাজ্য আৰু প্ৰদেশসমূহৰ লগতে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা সাত নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ফটকা নিষিদ্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছে।

এই সন্দৰ্ভত দাখিল কৰা আৱেদনত কোৱা হৈছিল যে গ্ৰীণ ফটকাই পৰিৱেশ প্ৰদূষণৰ সমস্যা নোহোৱা নকৰে আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই গেছ চেম্বাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।

ৰিপ’ৰ্ট মতে, অসম, চণ্ডীগড়, বিহাৰ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড, ছত্তীশগড়, মধ্য প্ৰদেশ, মেঘালয়, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু আৰু পশ্চিম বংগলৈ বায়ুৰ মান নিম্ন স্তৰৰ হোৱাৰ কাৰণে এই জাননী প্ৰেৰণ কৰা হৈছে।
First published: