আৰক্ষী নহয়, কিন্তু আৰক্ষীৰ পোছাক পিন্ধি ডিব্ৰুগড় চহৰত প্ৰতিদিনে যান-বাহন নিয়ন্ত্ৰণ কৰে এইজন মুকবধিৰ ব্যক্তিয়ে

এজন সক্ৰিয় আৰু নিষ্ঠাবান আৰক্ষীৰ দৰেই তেওঁ!
এজন সক্ৰিয় আৰু নিষ্ঠাবান আৰক্ষীৰ দৰেই তেওঁ!
- News18 Assam
- Last Updated: June 4, 2020, 5:31 PM IST
চেনে ডিব্ৰুগড়ৰ ব্যস্ত ৰাজপথত শৃংখলাবদ্ধতাৰে নিয়ন্ত্ৰণ কৰে যান-জঁট। দুৰ্গা পূজা, বিহু বা VIP আগমনেই হওঁক প্ৰৱল উদ্যম আৰু নিষ্ঠাৰে পালন কৰে এই কাম। কোৰোণা আতংকৰ সময়তো ৰাজপথত দিনে-নিশাই সেৱা অব্যাহত ৰাখিছে তেওঁ। এবছৰ দুবছৰ নহয়, বিনা বেতনেৰে ডিব্ৰুগড়ৰ ৰাজপথত এনেদৰেই এইজন ব্যক্তিয়ে কেইবা দশক কাল পাৰ কৰি দিলে।
ডিব্ৰুগড় চহৰলৈ ওলাই অহা স্কুল-কলেজৰ শিক্ষাৰ্থীৰ পৰা জ্যেষ্ঠ জনলৈকে, প্ৰায় সকলোৰে চিনাকী চেন। তেওঁ কেৱল আৰক্ষীক সহায় কৰিবলৈ আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ বাবেহে অহৰহ কাম কৰি যায়। জন্মগত ভাবেই মুকবধিৰ যদিও তেনেকৈয়ে চেনে চহৰৰ ব্যস্ত ৰাজপথত ৰ'দে বৰষুণে নিয়ন্ত্ৰণ কৰি থাকে সিখনৰ পিছত সিখন বাহন। ।সঁচা অৰ্থত আৰক্ষীক ভাল পাই বাবেই নিজ পৰিয়ালৰ কথাও আওকাণ কৰি এইদৰে সেৱা আগবঢ়াই গৈ আছে প্ৰতিদিনে।
আৰ্থিক দৈন্যতাৰ মাজতো প্ৰতিদিনেই নিজকে অসম আৰক্ষীৰ বাবে বিনা স্বাৰ্থত সাজু কৰি ৰখা এইজন অস্বাভাৱিক,বিৰল ব্যক্তিত্বৰ মুকবধিৰ লোকে অসম আৰক্ষীলৈ আগবঢ়াই যোৱা সেৱাই যেন পোৱা নাই উচিত মূল্য, নাই পোৱা উচিত সন্মান, আদৰ। তথাপিও তেওঁ অপৰিৱৰ্তীত, অটল আৰক্ষীৰ সেৱাত। শেহতীয়াকৈ ডিব্ৰুগড়ৰ আৰক্ষীয়ে ব্যক্তিজনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।