• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ৰ জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণ, জাগৃতি প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" উদযাপন

ডিব্ৰুগড়ৰ জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণ, জাগৃতি প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" উদযাপন

এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শীৰ্ষ‌ বিষয় আছিল "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা" আৰু শীৰ্ষ বিষয়ৰ ওপৰত এক আলোচনাচক্ৰৰ আয়োজন কৰা হয়

এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শীৰ্ষ‌ বিষয় আছিল "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা" আৰু শীৰ্ষ বিষয়ৰ ওপৰত এক আলোচনাচক্ৰৰ আয়োজন কৰা হয়

এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শীৰ্ষ‌ বিষয় আছিল "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা" আৰু শীৰ্ষ বিষয়ৰ ওপৰত এক আলোচনাচক্ৰৰ আয়োজন কৰা হয়

  • Share this:
আজি ডিব্ৰুগড়ৰ জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণ,জাগৃতি প্ৰেক্ষাগৃহত "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" উদযাপন কৰা হয়। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে উদ্বোধন কৰা আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ড৹ মণিকা বৰা, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা ৰাণী দাস আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থকাৰ বিপৰীতে বক্তা হিচাপে উপস্থিত আছিল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়া, বিশিষ্ট লেখক,প্ৰাক্তন সাংবাদিক আৰু সমাজকৰ্মী সুমন দত্ত , আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, সম্পাদক ৰাতুল গোহাঁই, ডিব্ৰুগড় জিলাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকল আৰু জিলাৰ‌ বিশিষ্ট আৰু জেষ্ঠ সাংবাদিকসকল। বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ কাৰ্যসূচী প্ৰথমে আৰম্ভ কৰা হয় আৰু এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শীৰ্ষ‌ বিষয় আছিল "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা" আৰু শীৰ্ষ বিষয়ৰ ওপৰত এক আলোচনাচক্ৰৰ আয়োজন কৰা হয়। ডি.এইচ.এচ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট লেখক, সাহিত্যিক,কবি আৰু সমাজ সংগঠক শশীকান্ত শইকীয়া নিজৰ বক্তব্যয কয় যে সাংবাদিকসকলে দেশ, ৰাষ্ট্ৰ আৰু সমাজৰ মাজত ঐক্য, শান্তি, প্ৰগতি কামনা কৰা উচিত। ড৹ শইকীয়াই কয় যে ৰাষ্ট্ৰ নিৰ্মাণত প্ৰতিজন সাংবাদিকে গৱেষক, অভিভাৱকৰ দৰে কাম কৰা উচিত। ৰাষ্ট্ৰ বা চৰকাৰৰ প্ৰতিটো আঁচনি, পৰিকল্পনা,নীতি, জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ সংবাদ মাধ্যমে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সেঁতুৰ দৰে কাম কৰে। দেশ আৰু সমাজ সুন্দৰ কৰা প্ৰতিজন সাংবাদিকৰ দায়িত্ব। বিশিষ্ট লেখক, আৰু সমাজকৰ্মী সুমন দত্তই সাংবাদিকসকলৰ গতিবিধি , ইতিহাস, ইত্যাদিৰ ওপৰত মননশীল বত্তৃতা প্ৰদান কৰে। উপায়ুক্তগৰাকীয়ে সকলো ছপা আৰু বৈদ্যুতিন সাংবাদিক সকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু মন্তব্য প্ৰদান কৰে যে ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমে বিশেষ ভূমিকা প্ৰদান কৰি আহিছে। সকলো প্ৰত্যাহ্বান নেওচি সংবাদ মাধ্যমে বাতৰি সংগ্ৰহ আৰু প্ৰকাশ কৰি যিখিনি সেৱা প্ৰদান কৰি আহিছে সেয়া অত্যন্ত কষ্টকৰ কাৰ্য্য আৰু সাহসৰ প্ৰয়োজন। অতিৰিক্ত উপায়ুক্ত ড৹ মণিকা বৰা আৰু সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়াই নিজৰ মূল্যৱান বক্তব্য প্ৰদান কৰি সকলোকে আলোকিত কৰে। অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, জেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই নিজৰ মন্তৱ্য আগবঢ়ায়। ডিব্ৰুগড় জিলাত নিৰন্তৰভাৱে সেৱা প্ৰদান কৰি অহা জেষ্ঠ সাংবাদিকসকলক ডিব্ৰুগড় জিলা প্ৰশাসনে সম্বৰ্ধনা পত্ৰৰে পুৰস্কৃত কৰে। উপায়ুক্তগৰাকীয়ে মহিলা সাংবাদিক স্মৃতি ৰেখা সাউদ, ৰশ্মি ৰেখা সাউদ আৰু কৃষ্ণা গগৈক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰোপৰি ডিব্ৰুগড়ৰ প্ৰায়বোৰ সাংবাদিককেই সম্বৰ্ধনা পত্ৰৰে পুৰস্কৃত কৰা হয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি