মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar News : শিৱসাগৰৰ হাস্পতালত উপমা বৰা আৰু নৃপেন খঙীয়াৰ মৃত্যুৰ জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

Sivasagar News : শিৱসাগৰৰ হাস্পতালত উপমা বৰা আৰু নৃপেন খঙীয়াৰ মৃত্যুৰ জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত প্ৰগতি হাস্পতাল বন্ধ ৰখাৰ নিৰ্দেশ

তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত প্ৰগতি হাস্পতাল বন্ধ ৰখাৰ নিৰ্দেশ

তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত প্ৰগতি হাস্পতাল বন্ধ ৰখাৰ নিৰ্দেশ

  • Share this:

১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰা আৰু ২১ জানুৱাৰীত নৃপেন খঙীয়াৰ মৃত্যু সন্দৰ্ভত অতিৰিক্ত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে  জিলা দণ্ডাধীশে।


শিৱসাগৰস্থিত প্ৰগতি হাস্পতাল আৰু ৰিছাৰ্চ চেণ্টাৰত পৃথক পৰিস্থিতিত দুয়োগৰাকীৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শিৱসাগৰ (Sivasagar) জিলাত প্ৰতিবাদ হৈছিল আৰু পিছত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হয়।


ইয়াৰ সমান্তৰালভাৱে এই সমগ্ৰ ঘটনা অনুসন্ধান কৰিবৰ  বাবে অতিৰিক্ত জিলা দণ্ডাধীশ চন্দনা বৰুৱাৰ অধ্যক্ষতাত তিনিজন জ্যেষ্ঠ চিকিৎসকসহ এক মেডিকেল টীম গঠন কৰা হৈছে।


উল্লেখযোগ্য যে অতিৰিক্ত জিলা দণ্ডাধীশৰ অধ্যক্ষতাত গঠিত এই সমিতিখনে দুয়োগৰাকী ব্যক্তিৰ মৃত্যুৰ তদন্ত কৰি জিলা দণ্ডাধীশক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব। তদন্ত সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত প্ৰগতি হাস্পতাল আৰু ৰিচাৰ্চ চেণ্টাৰ সম্পূৰ্ণভাৱে বন্ধ  ৰখাৰ নিৰ্দেশ দিছে।


বৰ্তমান  হাস্পতালখনত  চিকিৎসাধীন হৈ থকা ৰোগীসকলক উপযুক্ত চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ বাবে প্ৰগতি হাস্পতালক নিৰ্দেশ দিয়া হৈছে আৰু এই স্থানান্তৰ প্ৰক্ৰিয়া ১৪-০২-২০২৩ তাৰিখৰ সন্ধিয়া ০৮ বজাৰ ভিতৰত সম্পন্ন কৰিব লাগিব।


উল্লেখযোগ্য যে ২১ জানুৱাৰীত শিৱসাগৰ খাটপথাৰৰ সমীপৰ নৃপেন খঙীয়া নামৰ ব্যক্তিজন চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল। সেইদিনাও ভুল চিকিৎসা তথা চিকিৎসকৰ অৱহেলাৰ বাবে খঙীয়াৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল। থানাত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছত যোৱা ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া উক্ত চিকিৎসালয়খনতে মৃত্যু হয় উপমা বৰা নামৰ ৱাৰ্ড কমিছনাৰগৰাকীৰ। তীব্ৰ প্ৰতিবাদৰ লগতে বৰাৰ স্বামীয়ে এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। বিজেপিয়ে কালি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি এই ঘটনাৰ উচিত তদন্ত দাবী তোলে। লগতে জিলা উপায়ুক্ত, অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু মেডিকেল কাউন্সিল অৱ ইণ্ডিয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পিছতেই প্ৰশাসনে এখন তদন্ত কমিটি গঠন কৰি তদন্তৰ ব্যৱস্থা কৰিছে।

শেহতীয়া বাতৰি