• Home
  • »
  • News
  • »
  • assam
  • »
  • LAKHIMPUR : লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা দিৱস উদযাপন, কৃষি-কৰ্মৰে স্বাৱলম্বী ৫ আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা

LAKHIMPUR : লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা দিৱস উদযাপন, কৃষি-কৰ্মৰে স্বাৱলম্বী ৫ আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা

জিলা উপায়ুক্ত সুমিত সাত্তাৱনে কৃষকসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

জিলা উপায়ুক্ত সুমিত সাত্তাৱনে কৃষকসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

জিলা উপায়ুক্ত সুমিত সাত্তাৱনে কৃষকসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

  • Share this:
লখিমপুৰ জিলাৰ গৌৰৱোজ্বল ৫০ বছৰ পূৰ্তিৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা দিৱস উদযাপন কৰা হয়। জিলা উপায়ুক্ত সুমিত সাত্তাৱন উপস্থিত থকা অনুষ্ঠানতে জিলাখনৰ ৫ গৰাকীকৈ আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে কৃষি সামগ্ৰী প্ৰদান কৰা হয়।

বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হয় আজিৰ এই অনুষ্ঠান। কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত কৃষি বিশেষজ্ঞ আৰু কৃষকৰ মাজত এক পাৰস্পৰিক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়।

জিলা উপায়ুক্ত সুমিত সাত্তাৱনে কৃষকসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উপায়ুক্তগৰাকীয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদি আঁচনিৰ লাভ ল'বলৈ যোগ্য কৃষকসকলক আহ্বান জনায়। লগতে কৃষিকৰ্মৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি, সেই দিশতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে শীঘ্ৰে জিলাখনত এটা কাঠফুলাৰ বীজ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও ভাষণ প্ৰসংগত জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।



ইফালে পৰম্পৰাগত পদ্ধতিৰে কৰা কৃষিকাৰ্যক অধিক গতিশীল কৰাৰ লগতে কৃষকসকলক এই দিশত অধিক সজাগ কৰিবলৈ কাৰ্যালয়ৰ চৌহদত থলুৱাভাৱে উৎপাদিত শাক-পাচলি আৰু কৃষি সামগ্ৰী বিক্ৰী কেন্দ্ৰৰো ব্যৱস্থা কৰা হয়। আজিৰ এই অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, RARSৰ জ্যেষ্ঠ বিজ্ঞানী, কৃষি উন্নয়ন বিষয়াসকল, আত্মাৰ উপ প্ৰকল্প সঞ্চালক, মিডিয়া বিশেষজ্ঞ, আঁচনি বিষয়াৰ লগতে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি