নগাঁওবাসীৰ বাবে এই খবৰ! দীপাৱলী উপলক্ষে জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:November 13, 2020, 3:57 PM IST
নগাঁওবাসীৰ বাবে এই খবৰ! দীপাৱলী উপলক্ষে জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা
এই আইন তৎকালে জিলাখনত বলবৎ কৰা হৈছে আৰু এই আইন ভংগকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।

এই আইন তৎকালে জিলাখনত বলবৎ কৰা হৈছে আৰু এই আইন ভংগকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।

  • Share this:
কালী পূজা, দীপাৱলী আৰু ষট পূজা উৎসৱ উদযাপনৰ ক্ষেত্ৰত বৰ্তমানৰ কোভিড পৰিস্থিতিৰ লগতে ৰাজহুৱা শান্তি-সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ জিলা দণ্ডাধীশ কবিথা পদ্মনাভনে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই অনুসৰি, পেট্ৰ’ল পাম্প, এল পি জি মজুত ৰখা এলেকা, পাৱাৰ হাউছ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত কোনো ধৰণৰ আতচবাজি ব্যৱহাৰৰ কৰিব নোৱাৰিব। পথ, পদপথ আদিত আতচবাজি বিক্ৰী আৰু ফুটুৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ। যিকোনো ধৰণৰ ৰকেটজাতীয় আতচবাজি ফুটুৱা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি আগন্তুক দীপাৱলীৰ সময়ত সন্ধিয়া ৮ বজাৰ পৰা নিশা ১০ বজালৈহে আতচবাজি (Green Crackers)  ব্যৱহাৰৰ কৰিব পাৰিব। লগতে ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা  নিশা  ৮ বজালৈ আৰু খ্ৰীষ্টমাচ আৰু নিউ ইয়েৰ উপলক্ষে নিশা ১১.৫৫ বজাৰ পৰা ১২.৩০ বজালৈহে আতচবাজি (Green Crackers) ব্যৱহাৰ কৰিব পাৰিব।

এই আইন তৎকালে জিলাখনত বলবৎ কৰা হৈছে আৰু এই আইন ভংগকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading