• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ লৈ দুই ৰাজ্যৰ জিলা প্ৰশাসনৰ দ্বিপাক্ষিক বৈঠক; সীমান্তৱৰ্তী ৰাইজৰ সৈতে এক ৰাজহুৱা সভাও সম্পন্ন

অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ লৈ দুই ৰাজ্যৰ জিলা প্ৰশাসনৰ দ্বিপাক্ষিক বৈঠক; সীমান্তৱৰ্তী ৰাইজৰ সৈতে এক ৰাজহুৱা সভাও সম্পন্ন

দুই ৰাজ্যৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সীমান্তৰ বিবাদমান এলেকাৰ ১০ খনকৈ গাও পৰিদৰ্শন কৰে৷

দুই ৰাজ্যৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সীমান্তৰ বিবাদমান এলেকাৰ ১০ খনকৈ গাও পৰিদৰ্শন কৰে৷

দুই ৰাজ্যৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সীমান্তৰ বিবাদমান এলেকাৰ ১০ খনকৈ গাও পৰিদৰ্শন কৰে৷

  • Share this:
অসম অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ সন্দৰ্ভত অসম আৰু অৰুণাচলৰ মাজত শুক্ৰবাৰে পুনৰ এক দ্বিপাক্ষিক বৈঠক অনুষ্টিত হয়। অৰুণাচল সীমান্তৰ তাৰাছুত অনুষ্ঠিত বৈঠকখনত বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু অৰুণাচলৰ পাপুমপাৰে জিলাৰ উপায়ুক্তই অংশগ্রহণ কৰে। এই বৈঠকখনত দুয়োখন জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে বন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।

উল্লেখ্য যে, বিগত ২২ আগষ্ট তাৰিখে অসম -অৰুণাচল ভূমি তথা সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোক লৈ শোণিতপুৰ জিলাৰ বালিপাৰাত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত মন্ত্ৰী পৰ্যায়ৰ এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল ৷ বৈঠকত দুই ৰাজ্যৰ চৰকাৰৰ প্রতিনিধিয়ে উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ সীমান্তত বাস কৰা অসমীয়া আৰু অৰুণাচলী লোকৰ মতামত লৈ সীমা নিৰ্দ্ধাৰণ কৰাৰ দিশে আগবঢ়াৰ সময়তে আজি বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অৰুণাচল প্ৰদেশ পাপুমপাৰে জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ উপস্থিতিত তাৰাচু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আলোচনা হোৱাৰ লগতে স্থানীয় ৰাইজৰ লগত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ সভাত দুয়োখন জিলাৰ উপায়ুক্তই সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত স্থানীয় জনতাক শান্তি সম্প্ৰীতি ৰক্ষা কৰি চলিবলৈ অনুৰোধ জনায়৷ আনহাতে সভাৰ অন্তত দুই ৰাজ্যৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সীমান্তৰ বিবাদমান এলেকাৰ ১০ খনকৈ গাও পৰিদৰ্শন কৰে৷

মন কৰিবলগীয়া যে শেহতীয়াকৈ অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰে-অৰুণাচল সীমা বিবাদ নিষ্পত্তিৰ বাবে সীমান্তবাসী গঁঞাৰ মতামত গ্ৰহণ কৰিৱলৈ সাজু হোৱাৰ সময়ত সীমান্তৰ বিবাদমান আন আন এলেকাসমূহো পৰিদৰ্শন কৰে দুই ৰাজ্যৰ প্ৰশাসনৰ উচ্চপদস্ত বিষয়াই। উল্লেখ্য যে, অৰুণাচলে অসমৰ বহু হেক্টৰ ভূমি দখল কৰি তাত ঘৰ দুৱাৰ বনাই স্থায়ী গাওঁ পতাৰ লগতে চৰকাৰী কাৰ্যালয় স্থাপন কৰিছিল। অসম-অৰুণাচল সীমান্তৰ এই ভূমি বিবাদ নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়াত অসম চৰকাৰে অসমৰ ভূমি অৰুণাচলৰ অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিৱলৈ সক্ষম হ’বনে অসমৰ ভূমি অৰুণাচলক গতাব সেইয়া সময়তহে স্পষ্ট হ'ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি