মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News : বৈধ নথি-পত্ৰ অবিহনে চলি থকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

Assam News : বৈধ নথি-পত্ৰ অবিহনে চলি থকা অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

চাৰিখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ পলায়ন

চাৰিখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ পলায়ন

  • Share this:

মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি শ শ অবৈধ ফাৰ্মাচী চলি থকাৰ তথ্যসম্বলিত অভিযোগ উত্থাপিত হোৱাৰ পিছত আজি মৰিগাঁও জিলা (Morigaon District) প্ৰশাসনে এক অভিযান চলাই মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত দুখন ফাৰ্মাচী ছীল কৰে। এই অভিযান কালত বৈধ নথি পত্ৰ অবিহনে চলি থকা চাৰিখন ফাৰ্মাচীৰ স্বত্বাধিকাৰী আগতীয়াকৈ পলায়ন কৰে।


মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা এনে অবৈধ ফাৰ্মাচী বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে মৰিগাঁও জিলা প্ৰশাসনে। আজিৰ পৰা আৰম্ভ হোৱা এই অভিযান অব্যাহত থাকিব বুলি জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই জনাইছে। লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা এনে বৈধ নথি পত্ৰ অবিহনে চলি থকা ফাৰ্মাচী বন্ধ কৰাৰ ক্ষেত্ৰত মৰিগাঁও জিলাবাসীৰ সহযোগিতাও বিচাৰিছে জিলা প্ৰশাসনে।


উল্লেখ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট ভূৰাগাঁও জাগীৰোড মায়ং বুৰাবুৰি তেলাহী বৰালিমাৰী অঞ্চলৰ বিভিন্ন স্থানত চলি আছে এনে অবৈধ শ শ ফাৰ্মাচী। সেয়ে জিলা উপায়ুক্ত দেৱাশিস শৰ্মাই আৰম্ভ কৰা এনে অভিযানক ৰাইজে আদৰণি জনাইছে।

শেহতীয়া বাতৰি