মুখ্যপৃষ্ঠা »খবৰ »অসম »Fishery Department Assam : মীন বিভাগে বিতৰণ কৰিলে ৰেফ্ৰিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহন

Fishery Department Assam : মীন বিভাগে বিতৰণ কৰিলে ৰেফ্ৰিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহন

অনুষ্ঠানত হিতাধিকাৰীক তিনিচকীয়া বাহন প্ৰদান কৰি নিজেই এপাক টেম্প চলালে মন্ত্ৰী পৰিমল শুক্লবদ্যই

অনুষ্ঠানত হিতাধিকাৰীক তিনিচকীয়া বাহন প্ৰদান কৰি নিজেই এপাক টেম্প চলালে মন্ত্ৰী পৰিমল শুক্লবদ্যই

অনুষ্ঠানত হিতাধিকাৰীক তিনিচকীয়া বাহন প্ৰদান কৰি নিজেই এপাক টেম্প চলালে মন্ত্ৰী পৰিমল শুক্লবদ্যই

  • Share this:
কামৰূপ মহানগৰৰ বিভিন্ন স্থানলৈ গৈ মাছ বিক্ৰীৰ বাবে মীন বিভাগৰ ৰেফ্ৰিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহন বিতৰণ কৰা হয় ১০গৰাকী হিতাধিকাৰীক। মীন সঞ্চালকালয় কাৰ্যালয়ত বাহন বিতৰণ কৰে মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal । টেম্প'চালকৰ ৰূপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য। হিতাধিকাৰীক প্ৰদান কৰা তিনিচকীয়া বাহন চলাই চালে মন্ত্ৰীয়ে নিজেই। RIDF ২৬ৰ অধীনত মীন বিভাগৰ (fishery department Assam) ৰেফ্ৰিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহন বিতৰণ কৰা হয় ১০ গৰাকী হিতাধিকাৰীক। মহানগৰীৰ মীন সঞ্চালকালয় কাৰ্যালয়ত বাহন বিতৰণ কৰে মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal Suklabaidya)।

কামৰূপ মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ মাছ যোগানৰ বাবে হিতাধিকাৰীক দিয়া হৈছে বাহনসমূহ। অসমত মুঠ ৩৯০খন তিনিচকীয়া বাহন প্ৰদান কৰা হৈছে। ৪ চকীয়া ৭০খন বাহনো অসমৰ মীনপালকসকলক দিয়া হৈছে। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে বাহনসমূহৰ সদ্ব্যৱহাৰৰ কথা কয় প্ৰত্যেকগৰাকী হিতাধিকাৰীকে।

আনহাতে অসমলৈ অবৈধভাৱে অহা বাৰ্মিজ মাছৰ কথা স্বীকাৰ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়- ''নিয়মিতভাৱে বিভাগে বাৰ্মিজ মাছৰ বিৰুদ্ধে বিভাগে চলাই আছে অভিযান। ইফালে বিদেশী সুৰা বিপণীত দেশীয় সুৰা বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে মন্ত্ৰীগৰাকীয়ে। জনজাতীয় পানীয় ৱাইনশ্বপত বিক্ৰী কৰিবলৈ হ'লে আবকাৰী বিভাগৰ পৰা ল'ব লাগিব অনুজ্ঞাপত্ৰ। এইবুলিও সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত হিতাধিকাৰীৰ তিনিচকীয়া বাহন প্ৰদান কৰি নিজেই এপাক টেম্প' চলালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।''

আনহাতে অসমলৈ অবৈধভাৱে অহা বাৰ্মিজ মাছৰ কথা স্বীকাৰ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়- ''নিয়মিতভাৱে বিভাগে বাৰ্মিজ মাছৰ বিৰুদ্ধে বিভাগে চলাই আছে অভিযান। ইফালে বিদেশী সুৰাবিপণীত দেশীয় সুৰা বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে মন্ত্ৰীগৰাকীয়ে। জনজাতীয় পানীয় ৱাইনপত বিক্ৰী কৰিবলৈ হ'লে আবকাৰী বিভাগৰ পৰা ল'ব লাগিব অনুজ্ঞাপত্ৰ। এইবুলিও সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্পষ্ট কৰি দিলে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠান হিতাধিকাৰীৰ তিনিচকীয়া বাহন প্ৰদান কৰি নিজেই এপাক টেম্প' চলালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

শেহতীয়া বাতৰি