লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ মাজত কালি উপস্থিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেত়ত্বত যোৱা এটি দল ৷ যোৱা কিছু দিন ধৰি উচ্ছেদিত লোকসকলে পতা অস্থায়ী শিবিৰসমূহত খাদ্যবস্তুৰ ব্যাপক নাটনি হোৱাত আমছুৰ সঁজাতী দলটো উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হয় ৷
তেওঁলোকে তাত খাদ্য সামগ্ৰী, গৰম কাপোৰ বিতৰণ কৰে ৷ নিশা ডবকাত উপস্থিত হৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি আমছুৰ সভাপতিগৰাকীয়ে চৰকাৰ আৰু হোজাই জিলা প্ৰসাশনক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে উচ্ছেদিত লোকসকলে বৰ্তমান নখুঁটি আৰু ইয়াৰ দাঁতি–কাষৰীয়া অঞ্চলত অস্থায়ী শিবিৰ পাতি আছে ৷ চৰকাৰ প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে বেদখলকৃত অঞ্চল ত্যাগ কৰাৰ পাছতো তেওঁলোকৰ লগত অমানৱীয় আচৰণ কৰা হৈছে ৷
উচ্ছেদিত ৮০০টা পৰিয়ালক মানৱীয় দৃষ্টিৰে চাবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায় নেতাগৰাকীয়ে ৷ আশ্ৰয় শিবিৰসমূহত খাদ্যবস্তুকে আদি কৰি খোৱাপানী, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা এই সকল লোক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে ৷
এনে অৱস্থাত চৰকাৰৰ কোনো প্ৰতিনিধি এতিয়ালৈকে এইসকল লোকৰ খবৰ ল'বলৈ আহৰি হোৱা নাই বুলি উল্লেখ কৰে নেতাগৰাকীয়ে। ''চবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস''ৰ শ্লোগান এতিয়া ক'ত গ'ল বুলি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
আনহাতে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱকো নেতাগৰাকীয়ে চোকা সমালোচনা কৰি কয় যে তেওঁ ভিৰ বাছৰ এজন যাত্ৰী ৷ বহিবলৈ ঠাই নাই ৷ শিলাদিত্য দেৱক প্ৰত্যাহবান জনায় কয় যে লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদিত লোকৰ মাজত এজনো যদি বাংলাদেশী আছে তেনেহ'লে সেয়া তথ্য প্ৰমাণসহ দাঙি ধৰিব লাগে শিলাদিত্য দেৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|