মুখ্যপৃষ্ঠা »খবৰ »অসম »Lobhita : ৰূপকোঁৱৰৰ কালজয়ী নাট 'লভিতা'ৰ বিকৃতকৰণৰ অভিযোগ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি স্মাৰকপত্ৰ

Lobhita : ৰূপকোঁৱৰৰ কালজয়ী নাট 'লভিতা'ৰ বিকৃতকৰণৰ অভিযোগ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি স্মাৰকপত্ৰ

ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত বৃহৎ সাংস্কৃতিক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে।

ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত বৃহৎ সাংস্কৃতিক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে।

  • Share this:
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক 'লভিতা'ক লৈ অব্যাহত আছে প্ৰতিবাদ। নাটখন বিকৃতভাৱে আৱাহন থিয়েটাৰত মঞ্চস্থ বন্ধ কৰা বুলি অভিযোগ তুলি আজি ভাৰতীয় গণনাট্য সংঘই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

গণনাট্য সংঘই জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ ওপৰত অসম চৰকাৰৰ দ্বাৰা পৰিচালিত অসম প্ৰকাশন পৰিষদৰ হাতত থকা সৰ্বস্বত্ব সংৰক্ষণ বিধি উলংঘা কৰি লভিতাক বিকৃতৰূপ দিয়া অভিজিৎ ভট্টাচাৰ্যৰ ওপৰত চৰকাৰে গোচৰ ৰুজু কৰি শাস্তি বিহাৰ লগতে অসমৰ পুৰোধা ব্যক্তিসকলৰ ৰচনাৰাজি সংৰক্ষণ আইন বলৱৎ কৰাৰ দাবী জনায়।

ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে 'লভিতা' নাটখন বিকৃত কৰি আবাহন থিয়েটাৰে সস্তীয়া জনপ্রিয় নাটকলৈ অৱনমিত কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰা বুলি অভিযোগ তোলে। জ্যোতিপ্ৰসাদৰ দৰে পুৰোধা ব্যক্তিৰ ৰচনাৰাজি বিকৃতকৰণ ভাৰতীয় গণনাট্য সংঘ তথা অসমৰ বৌদ্ধিক-সাংস্কৃতিক সমাজে কেতিয়াও সহ্য নকৰে।

এই সন্দৰ্ভত ভাৰতীয় গণনাট্য সংঘই তোলে এই দাবীসমূহ—
১| জ্যোতিপ্ৰসাদৰ নাম লৈ আৱাহন থিয়েটাৰে বিকৃত 'লভিতা'ক মঞ্চস্থ কৰাটো বন্ধ কৰা।
২| প্ৰকাশন পৰিষদৰ সংৰক্ষণ বিধি উলংঘা কৰি ‘লভিতা' নাটক বিকৃত কৰা অভিজিৎ ভট্টাচাৰ্যক গোচৰ ৰুজু কৰি বিহিত শাস্তি প্রদান কৰা।
৩| অসমৰ পুৰোধা শংকৰ-মাধৱ, জ্যোতি-বিষ্ণু, হেমাঙ্গ-ভূপেন আদি মনীষীসকলৰ ৰচনাৰাজি বিকৃত কৰিব নোৱৰাকৈ এখন সংৰক্ষণ আইন বলৱৎ কৰা।
৪| সকলো জিলাৰ উপায়ুক্তৰ যোগেদি আৱাহন থিয়েটাৰৰ আয়োজক সমিতিসমূহক বিকৃত ‘লভিতা' নাটখন মঞ্চায়ন নকৰাৰ চৰ্ততহে অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰা। ৫| আৱাহন থিয়েটাৰৰ হৰ্ডিং, পোষ্টাৰ, গোহাৰি, টিকট আদিত বিকৃত কৰা নাটকৰ নাম উল্লেখ কৰাটো বন্ধ কৰা।
৬| জ্যোতিপ্ৰসাদ আৰু ‘লভিতা' এই নাম ব্যৱহাৰ কৰি উক্ত বিকৃত 'লভিতা'ক অন্য এক ‘লভিতা' কোনো নামেৰেই অসমবাসীয়ে গ্ৰহণ নকৰে। ইয়াৰ সন্দৰ্ভত কঠোৰ দৃষ্টি আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

সংগঠনটোৱে ইয়াৰ অন্যথা ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত বৃহৎ সাংস্কৃতিক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে।

শেহতীয়া বাতৰি