• Home
  • »
  • News
  • »
  • assam
  • »
  • Atul Borah : ‘‘মই জাতিৰ হকে সদাই মাত দি যাম, কাৰণ মই সিংহ’’ – হোলীৰ দিনা ক’লে এইগৰাকী বিধায়কে

Atul Borah : ‘‘মই জাতিৰ হকে সদাই মাত দি যাম, কাৰণ মই সিংহ’’ – হোলীৰ দিনা ক’লে এইগৰাকী বিধায়কে

oppo_2

oppo_2

মুখ খুলিলেই বিতৰ্কৰ সূত্ৰপাত হোৱা অতুল বৰাক হোলী (Holi)ৰ দিনটোত দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত৷

  • Share this:
প্ৰথম পৰ্যায়ৰ শান্তিপূৰ্ণ ভোটগ্ৰহণৰ পিছত এতিয়া তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিবাচন৷ সাজু হৈ উঠিছে সকলো ৰথী–মহাৰথী৷ প্ৰতিজন প্ৰাথীয়ে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰক লৈ এতিয়া ৰচিছে ন ন ৰণনীতি৷ সকলো প্ৰাৰ্থীৰ ভিতৰত সদায় ব্যতিক্ৰমী এগৰাকী প্ৰাথী হৈছে দিছপুৰ (Dispur) সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাথী অতুল বৰা (Atul Borah)৷

মুখ খুলিলেই বিতৰ্কৰ সূত্ৰপাত হোৱা অতুল বৰাক হোলী (Holi)ৰ দিনটোত দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত৷ হোলীৰ দিনা নিৰ্বাচনী প্ৰচাৰৰ সভা এৰি নিজ ঘৰতে অতুল বৰাই একাংশ সমষ্টিবাসীৰে খেলীলে হোলী৷ হোলী গীতৰ পৰা আৰম্ভ কৰি ইজনে সিজনক ফাকু দি উপভোগ কৰিলে ৰঙৰ উৎসৱ৷

আনকি ঘৰলৈ অহা প্ৰতিজন সমৰ্থকক মিঠাই খুৱাই হোলীৰ শুভেচ্ছা দিলে অতুল বৰাই৷ একাংশ সমৰ্থকৰে হোলী খেলি অতুল বৰাৰ স্পষ্ট কথা, তেওঁ হেনো ২ লাখতকৈ অধিক ভোটত জয়ী হ’ব আগন্তক বিধানসভা নিৰ্বাচনত৷ তেওঁ দৃঢ়বিশ্বাস আজিৰ তাৰিখত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই দিছপুৰ সমষ্টিত৷ তেওঁ হেনো সিংহ৷ কোনো সিংহই বাহিৰত থাকিও মাংস খাব নাপাই কিন্তু তেওঁ চিৰিয়াখানাৰ ভিতৰত থাকিওঁ মাংস খোৱা সিংহ৷ এই সিংহৰ ৰূপ মানুহে ইতিমধ্য দেখিছে৷

‘‘পূৰ্বে মোৰ খংটো সোনকালেই উঠিছিল যদিও এতিয়া কিন্ত লাহে লাহে মোৰ খং কমিব ধৰিছে৷ সেয়ে এইবাৰ মোক বহু মানুহে ক’বলৈ বাধ্য হৈছে যে আপোনাৰ আজিকালি খং কমিছে৷ মই মোৰ যি আদৰ্শ তাৰ পৰা কেতিয়াও বিচলিত হোৱা নাছিলো আৰু কেতিয়াও নহওঁ৷ বিজেপিলৈ আহিলো যদিও মই মোৰ সত্ত্বাক কিন্ত এতিয়াও জীয়াই ৰাখিছো৷ মোৰ কণ্ঠ কেতিয়াওঁ ৰোধ হোৱা নাছিল আৰু আগলৈও নহয় ৷ মই জাতিৰ হকে সদাই মাত দি যাম, কাৰণ মই সিংহ হয়৷’’ – ক’লে অতুল বৰাই।

বিধায়কগৰাকীৰ মন্তব্য, ‘‘২০১৬ৰ বিধানসভা নিবাচনত মই ১ লাখতকৈ অধিক জয়ী হৈ আহিছিলো৷ এইবাৰো সেই একেই মৰম আৰু আস্থা পাইছো সমগ্ৰ সমষ্টিবাসী ৰাইজৰ পৰা৷ সেয়ে মোৰ দৃঢ়বিশ্বাস মই এইবাৰ দুই লাখতকৈ অধিক ভোটত দিছপুৰ সমষ্টিৰ পৰা জয়ীহৈ আহিম৷’’ – গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে অতুল বৰাই।
Published by:Sanjay Kumar Das
First published: