মুখ্যপৃষ্ঠা »খবৰ »অসম »George Bordoloi Suicide Case: জৰ্জ বৰদলৈৰ ছুইচাইড নোটৰ তথ্য ১০০% সত্য! আমচাং বনাঞ্চলত শ শ বিঘা ভূমি দখলক লৈ আৰু কি ক'লে বিধায়ক অতুল বৰাই?

George Bordoloi Suicide Case: জৰ্জ বৰদলৈৰ ছুইচাইড নোটৰ তথ্য ১০০% সত্য! আমচাং বনাঞ্চলত শ শ বিঘা ভূমি দখলক লৈ আৰু কি ক'লে বিধায়ক অতুল বৰাই?

আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ অবৈধ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰক সুকীয়া তদন্ত কৰিবলৈ আহ্বান

আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ অবৈধ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰক সুকীয়া তদন্ত কৰিবলৈ আহ্বান

আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ অবৈধ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰক সুকীয়া তদন্ত কৰিবলৈ আহ্বান

  • Share this:
''ৰাজ্যৰ বিশিষ্ট উদ্যোগপতি জৰ্জ বৰদলৈ মৃত্যুৰ আঁৰত ডনবস্ক' জগৰীয়া ৷ বনাঞ্চলৰ ভূমি বেদখল কৰি আমচাঙত নিৰ্মাণ কৰিছে শিক্ষা প্ৰতিষ্ঠান ৷'' - এই দাবী কৰি বেদখলকৃত প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ দাবী তোলে দিছপুৰৰ বিধায়ক অতুল বৰাই (MLA Atul Bora) ৷

ডনবস্ক' বিশ্ববিদ্যালয়ে অবৈধ-অনীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বুলি অভিযোগ কৰি তেওঁ কয় যে আমচাং বনাঞ্চলত শ শ বিঘা ভূমি বেদখল কৰিছে বিশ্ববিদ্যালয়খনে ৷ পিছে এয়া কিদৰে সম্ভৱ হৈছে, সেয়া এক নুবুজা সাঁথৰ (George Bordoloi Suicide Case)৷

দিছপুৰৰ বিধায়ক অতুল বৰাই অসমৰ উদ্যোগী, ব্যৱসায়ী জৰ্জ বৰদলৈৰ (George Bordoloi) আত্মহত্যাই বহুখিনি নতুন তথ্য পোহৰলৈ অনা বুলি দাবী কৰে ৷ বৰদলৈৰ আত্মহত্যাৰ সময়ত লিখি থৈ যোৱা ছুইচাইডৰ সকলোখিনি সত্য বুলি দাবী কৰে বিধায়কগৰাকীয়ে৷

আৰক্ষীৰ তদন্তৰ সমান্তৰালকৈ অবৈধ বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰক সুকীয়া তদন্ত কৰিবলৈ আহ্বান জনায় তেওঁ ৷ আমচাঙত বসবাস কৰা সাধাৰণ জনতা যদি বেদখলকাৰী তেন্তে ডনবস্ক' বিশ্ববিদ্যালয় কিয় নহ'ব বেদখলকাৰী বুলি প্ৰশ্ন তোলে অতুল বৰাই ৷ উল্লেখ্য যে ইতিমধ্যে ডনবস্ক'ৰ উপাচাৰ্যক গ্ৰেপ্তাৰ কৰি এদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷

শেহতীয়া বাতৰি