'চন্দ্ৰপুৰত কোনো কাৰণত হ'ব নোৱাৰে ডাম্পিং গ্ৰাউণ্ড'- চৰকাৰক এসপ্তাহ সময় দিলে বিধায়ক অতুল বৰাই, অন্যথা নামিব প্ৰতিবাদত

News18 Assam | News18-Assam
Updated:July 19, 2021, 3:09 PM IST
'চন্দ্ৰপুৰত কোনো কাৰণত হ'ব নোৱাৰে ডাম্পিং গ্ৰাউণ্ড'- চৰকাৰক এসপ্তাহ সময় দিলে বিধায়ক অতুল বৰাই, অন্যথা নামিব প্ৰতিবাদত
ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে চন্দ্ৰপুৰত অব্যাহত আছে প্ৰতিবাদ।

ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে চন্দ্ৰপুৰত অব্যাহত আছে প্ৰতিবাদ।

  • Share this:
ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে চন্দ্ৰপুৰত অব্যাহত আছে প্ৰতিবাদ।  ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ লগতে বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ বৃহত্তৰ অঞ্চলটোৰ পৰিবেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ চেষ্টা কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ দল সংগঠনৰ ৷



অঞ্চলবাসীৰ এনে দাবীৰ পিছতে ৰাজ্য চৰকাৰক এসপ্তাহৰ সময়সীমা বান্ধি দিলে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল আৰু কামৰূপ মহানগৰ জিলা উপাযুক্ত বিশ্বজিৎ পেগুৰ সৈতে বিষয়টোৰ সন্দৰ্ভত কেইবাবাৰো আলোচনা বহিছে বিধায়কগৰাকীয়ে ৷ কিন্তু তৎপৰ্য্যপূৰ্ণ ভাৱে অঞ্চলবাসীৰ দাবীলৈ এতিয়াও সঁহাৰি জনোৱা নাই চৰকাৰৰ ৷ যাৰবাবে পুনৰবাৰ দিছপুৰৰ বিধায়কগৰাকীয়ে চৰকাৰক এসপ্তাহৰ সময়সীমা প্ৰদান কৰি প্ৰেৰণ কৰিছে পত্ৰ ৷ যদি এই এসপ্তাহত চৰকাৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ দাবী মানি নলয়, তেন্তে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ প্ৰতিবাদত অংশ লব স্বয়ং বিজেপি বিধায়কগৰাকীয়ে ৷ এখন পত্ৰৰ জৰিয়তে এই কথা জনাইছে বিধায়ক বৰাই।
Published by: Himangshu Bhuyan
First published: July 19, 2021, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি