কামৰূপ জিলাত জিলা আইন সেৱা প্ৰাধিকাৰী, কামৰূপ আমিনগাঁওৰ উদ্যোগত আমিনগাঁওস্থিত জিলা ন্যায়িক আদালতত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় । লগতে হাজো আৰু বকোত অৱস্থিত প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালত সমন্বিতে ৰঙিয়া মহকুমা ন্যায়িক সেৱা সমিতিৰ উদ্যোগত ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত এখন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়।
জিলাখনৰ উপায়ুক্ত শ্ৰীকৈলাশ কাৰ্তিক এন দেৱৰ উপস্থিতিৰে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই লোক-আদালতখনত মুঠ ১৩ খন লোক-আদালত বেঞ্চৰ জৰিয়তে ৭২ টা মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, ২৭৫ টা অন্যান্য ফৌজদাৰী, দেৱানী, ঘৰুৱা হিংসা, টকা-পইচাৰ লেন-দেন সম্পৰ্কীয় গোচৰ আৰু ৩৩৮৩টা বেংকৰ ঋণ আৰু বিদ্যুতৰ মাচুল অনাদায় সম্পৰ্কীয় গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়।
এই লোক আদালতত জিলাখনৰ ৫৪ টা বেংক শাখা আৰু ৬টা বৈদ্যুতিক উপ-সংমণ্ডলে অংশগ্ৰহণ কৰে।অনলাইন আৰু ব্যাক্তিগত উপস্থিতি উভয় মাধ্যমেৰে অনুষ্ঠিত হোৱা এই লোক-আদালতখনত জিলাখনৰ আটাইকেইখন আদালতৰ মিলিত প্ৰচেষ্টাত ৫১টা বিভিন্ন ফৌজদাৰী, দেৱানী, ঘৰুৱা হিংসা, টকা-পইচাৰ লেন-দেন আদি সম্পৰ্কীয় গোচৰ নিষ্পত্তি হয় আৰু এই গোচৰ কেইটাৰ মীমাংসিত ৰাশি ৬,৪২,১২৪ টকা।
লগতে ১৭টা মটৰ দুৰ্ঘটনাৰ গোচৰ এই লোক আদালতত নিষ্পত্তি হয়, যাৰ মীমাংসিত ৰাশি ১,০৬,০৫,০০০/- টকা। তদুপৰি ৫১৮টা বেংকৰ ঋণ আৰু বিদ্যুতৰ মাচুল সম্পৰ্কীয় গোচৰো উক্ত লোক-আদালতত নিষ্পত্তি কৰা হয় যাৰ মীমাংসিত ৰাশি ১,৭৩,৫৯,৪৫২.০০ টকা।
এইদৰে লোক-আদালতখনত কালি নিষ্পত্তি হোৱা সৰ্বমুঠ গোচৰৰ সংখ্যা ৫৮৬ টা আৰু মীমাংসিত ৰাশি হ'ল ২,৮৬,০৬,৫৭৬.০০ টকা। লোক-আদালতখন সাফল্যমণ্ডিত কৰাৰ স্বাৰ্থত জন সচেতনতাৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা কামৰূপ জিলাৰ তথ্য ও জন-সংযোগ বিষয়া শ্ৰীমতী মঞ্জু ৰাণী ডেকা আৰু সংবাদকৰ্মীসকলক জিলা ও সত্ৰ ন্যায়াধীশ তথা কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ শ্ৰী ডাৰাক উল্লাহ, কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব শ্ৰীমতী মৈত্ৰী ডেকাদলৈ আৰু ৰঙিয়া মহকুমা ন্যায়িক সেৱা সমিতিৰ অধ্যক্ষ শ্ৰীমতী প্ৰণামী গোস্বামীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|