• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানৰ দ্বিতীয় দিনত "অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস" শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন

বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানৰ দ্বিতীয় দিনত "অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস" শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন

এই আলোচনাত দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাবে আলোচনা কৰে

এই আলোচনাত দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাবে আলোচনা কৰে

এই আলোচনাত দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাবে আলোচনা কৰে

  • Share this:
নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে অব্যাহত থকা লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তীৰ বৃহস্পতিবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশৰূপে নতুন দিল্লীৰ বিজ্ঞান ভৱনত "অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস" বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই সঞ্চালনা কৰা এই আলোচনাচক্ৰখনত আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপিকা ডঃ সংগীতা গগৈ, বিশিষ্ট লেখক বিক্ৰম সম্পট, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচক ৰাজেশ কুমাৰ সিং আৰু চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে ।

আলোচকসকলে প্ৰধানতঃ দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাবে আলোচনা কৰে।

আলোচনাচক্ৰত ভাগ লৈ বিশিষ্ট লেখক বিক্ৰম সম্পটে কয় যে নতুন প্ৰজন্মই ভাৰতত বখটিয়াৰ খিলজিৰ সামৰিক অভিযানৰ কাহিনীসমূহৰ বিষয়ে জানে, কিন্তু ৰজা পৃথুৰ হাতত বখটিয়াৰৰ কামৰূপত হোৱা লজ্জাজনক পৰাজয়ৰ কথা বহুতেই নাজানে । আলমগীৰনামাত আহোমক কৰা প্ৰশংসা আৰু মোগলৰ গুৰুত্বপূৰ্ণ এই ঐতিহাসিক নথিত বৰ্ণিত আহোমসকলৰ অদম্য শক্তিৰ বিষয়ে তেওঁ উল্লেখ কৰে।

আলোচক হিচাপে অংশ লোৱা ডঃ সংগীতা গগৈয়ে আহোমৰ বুৰঞ্জী লিখাৰ পৰম্পৰা আৰু সমসাময়িক ভাৰতবৰ্ষৰ অন্য ৰাজবংশসমূহৰ তুলনাত আহোমসকলৰ সামাজিক-সাংস্কৃতিক উৎকৃষ্টতাসমূহৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত চন্দ্ৰ প্ৰকাশ দ্বিবেদীয়ে কয় যে দোলাকাষৰীয়া বৰুৱা, ঘোঁৰাবৰুৱা আৰু পৰৱৰ্তী সময়ত বৰফুকনৰ দায়িত্ব লাভ কৰি সুদক্ষ সেনানায়ক লাচিত বৰফুকনে আগ্ৰাসী মোগলক নিজৰ পৱিত্ৰ মাতৃভূমিৰ পশ্চিম সীমান্তৰ পৰা খেদি পঠিয়াবলৈ সমৰ্থ হয়। ভাৰতত লাচিতৰ দৰে বীৰৰ এনে বহু কাহিনী আছে যিসমূহ কাহিনীয়ে এতিয়াও গ্ৰন্থ, চলচ্চিত্ৰ আৰু অন্য মাধ্যমসমূহৰ দ্বাৰা উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই বুলি তেওঁ উল্লেখ কৰে।

আন এগৰাকী আলোচক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে কেইবাগৰাকীও অসম সন্তানৰ বিষয়ে উল্লেখ কৰি কয় যে এইসকল বীৰ-বীৰাঙ্গনাৰ অনবদ্য অৱদানৰ বাবে ভাৰতৰ ইতিহাসত বিশেষভাবে নাম লিপিবদ্ধ হ'ব লাগিছিল যদিও বহুক্ষেত্ৰত তেওঁলোক অৱহেলিত হৈ ৰ'ল । অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু দিল্লীৰ মাজৰ ভৌগলিক দূৰত্ব ইয়াৰ এক কাৰক হ'ব পাৰে বুলি তেওঁ কয়। তেওঁ লগতে সূৰ্যকুমাৰ ভূঞাই এখন গৱেষণামূলক গ্ৰন্থৰ জৰিয়তে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিক জনসাধাৰণৰ মাজলৈ উলিয়াই আনি অসমৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে বুলি তেওঁ মন্তব্য কৰে

আলোচনাত চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ কুমাৰ সিঙে আহোমসকলৰ সাংগঠনিক দক্ষতাৰ প্ৰশংসা কৰি কয় যে সেই সময়ত সাধাৰণ লোকসকলক যেতিয়াই প্ৰয়োজন হয় যুদ্ধলৈ যাবলৈ সাজু কৰি ৰখা হৈছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান নতুন দিল্লীত উদযাপন কৰিছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীৰ আজি সামৰণী অনুষ্ঠান অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি