অসমৰ ভূমিত নগাৰ অগ্ৰাসনঃ যোৰহাট-মোককচাঙৰ আৰক্ষী প্ৰশাসনৰ বৈঠক, প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে নগা আৰক্ষী-প্ৰশাসনৰ দলে

News18 Assam | News18-Assam
Updated:November 26, 2020, 7:05 PM IST
অসমৰ ভূমিত নগাৰ অগ্ৰাসনঃ যোৰহাট-মোককচাঙৰ আৰক্ষী প্ৰশাসনৰ বৈঠক, প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে নগা আৰক্ষী-প্ৰশাসনৰ দলে
অসমৰ ভূমিত নগাৰ অগ্ৰাসনক লৈ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তে যোৰহাট আৰু মোককচাঙ জিলাৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ মাজত শেহতীয়া এই সমস্যা সমাধানৰ বাবে যোৰহাটত এক আলোচনা অনুষ্ঠিত হয়।

অসমৰ ভূমিত নগাৰ অগ্ৰাসনক লৈ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তে যোৰহাট আৰু মোককচাঙ জিলাৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ মাজত শেহতীয়া এই সমস্যা সমাধানৰ বাবে যোৰহাটত এক আলোচনা অনুষ্ঠিত হয়।

  • Share this:
অসমৰ ভূমিত নগাৰ অগ্ৰাসনক লৈ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তে যোৰহাট আৰু মোককচাঙ জিলাৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ মাজত শেহতীয়া এই সমস্যা সমাধানৰ বাবে যোৰহাটত এক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত অসমৰ ভূমিত স্থাপন কৰা নগা আৰক্ষীৰ অস্থায়ী শিবিৰতো উঠাই নিয়াৰ ক্ষেত্ৰত কিন্তু কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে নাগালেণ্ডৰ আৰক্ষী-প্ৰশাসনৰ দলটোৱে।

১৯৭২ চনত অসম-নাগালেণ্ডৰ সীমা সন্দৰ্ভত হোৱা বুজাবুজিৰ চুক্তি তথা সীমা বিবাদ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ১৯৮৮ চনৰ পৰা গোচৰ চলি থকাৰ পিছতো কেৰেপ নকৰি অসমৰ ভূমিত অগ্ৰাসন অব্যাহত ৰাখিছে নাগালেণ্ডে। অসমৰ মাটিত ইখনৰ পিছত সিখন নগা বস্তি, পকী দলং, বাট পথ নিৰ্মাণ, বিদ্যুৎ সংযোগ স্থাপন কৰা পিছত শেহতীয়াকৈ নগাই মৰিয়নিৰ সীমান্তৰ অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰাৰ পিছতে পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছে।

অসমৰ প্ৰশাসনক যেন কেৰেপ নকৰে নগাই। মৰিয়নি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এটা পাহৰত নগা আৰক্ষীয়ে এটা অস্থায়ী শিবিৰ স্থাপন কৰি বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰাক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনা ।

ইফালে সীমান্তত সৃষ্টি হোৱা উত্তেজনা প্ৰশমন কৰাৰ বাবে যোৰহাট জিলা আৰু মোককচাং জিলাৰ উপায়ুক্তৰ মাজত হোৱা টেলিফোনিক আলোচনাৰ পিছত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ জানখনা নৈৰ কাষতে দুয়ো পক্ষৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । কিন্তু যোৰহাট জিলা প্ৰশাসনৰ হৈ তিতাবৰ মহকুমাধিপতি খনিন্দ্র দাস, মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস, মৰিয়নি ৰাজহচক্র বিষয়া তথা সীমান্ত দণ্ডাধীশ বিশ্বজিৎ বৰাৰ নেতৃত্বত প্ৰশাসনৰ এটা দল বিগত সময়ছোৱাত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ উক্ত আলোচনাস্থলীত উপস্থিত হৈ হতভম্ব হৈ পৰে।

কাৰণ নাগালেণ্ড আৰক্ষীয়ে অসমৰ প্ৰশাসনে উচ্ছেদ চলোৱা স্থানতে এদিনৰ ভিতৰতে যুদ্ধকালীন তৎপৰতাৰে পুনৰ এটা নগা আৰক্ষীৰ অস্থায়ী শিবিৰ স্থাপন কৰাৰ লগতে বৃহৎ আৰক্ষী বাহিনী মোতায়ন কৰি ৰাখিছিল। আনহাতে নগাৰ এই কাৰ্যত অসমৰ প্ৰশাসনৰ দলটো ক্ষুন্ন হৈ পৰা লগতে মৰিয়নি ৰাজহচক্র বিষয়া তথা সীমান্ত দণ্ডাধীশ বিশ্বজিৎ বৰাই নগা আৰক্ষীক শীঘ্ৰে শিবিৰ উঠাই নিবলৈ নিৰ্দেশ দিয়ে। অসমৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশ আৰু তীব্ৰ হেঁচাত অৱশেষত নগালেণ্ডৰ মাকলুম্বা মহকুমাৰ মহকুমাধিপতি এ. ৱালিঙে শিৱিৰটো উঠাই নিবলৈ এদিনৰ সময় সীমা বিচাৰে। কিন্তু নগালেণ্ড আৰক্ষীৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত উক্ত অঞ্চল নগালেণ্ডৰ ৱাচেঙডান বস্তিৰ বুলি দাবী কৰে। আনহাতে অসম আৰক্ষীয়েও দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ উক্ত ঠাইত আৰক্ষী বেটেলিয়ানৰ এটা বৃহৎ দল নিয়োগ কৰে।

কিন্তু যোৰহাট জিলা প্ৰশাসনে নাগালেণ্ড প্ৰশাসনৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰিও এই শিৱিৰটো আঁতৰাবলৈ সক্ষম নহ’ল। অৱশেষত মৰিয়নিৰ একাংশ দল-সংগঠনে স্থানীয় লোকসকলৰ সহযোগত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ আৰম্ভ কৰে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত যোৰহাট জিলা প্ৰশাসনে বুধবাৰে মোককচাঙ জিলাৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক লৈ যোৰহাটত বিষয়টো সমাধানৰ বাবে এক আলোচনাত মিলিত হয় ।

" আমি আলোচনাৰ মাধ্যমেৰে সমস্যাটো শীঘ্ৰে সমাধান হোৱাটো বিচাৰিছো। অসমৰ মাটিত যাতে নাগালেণ্ডৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিছো। তেওঁলোকে ইয়াত স্থাপন কৰা নাগালেণ্ড আৰক্ষীৰ শিৱিৰটো উঠাই নিলে আমিও আমাৰ আৰক্ষীৰ অস্থায়ী শিৱিৰটো লগেলগেই আঁতৰাই আনিম। কিন্তু উক্ত অঞ্চলত কোনো নিৰ্মাণকাৰ্য তেওঁলোকে চলাব নোৱাৰিব। ", যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয় ।

আনহাতে সাময়িক ভাৱে পথ অৱৰোধ কাৰ্যসূচী শিথিল কৰি সকলোৱে বাট চাইছিল যোৰহাট আৰু মোককচোঙৰ আৰক্ষী-প্ৰশাসনৰ মাজত অনুষ্ঠিত এই আলোচনালৈ। কিন্তু এই আলোচনাত নাগালেণ্ড কৰ্তৃপক্ষৰ পৰা নাহিল কোনো সমাধান সূত্ৰ। মোককচাং জিলা প্ৰশাসনে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি অটুত ৰাখি ৰাইজক  পথ অৱৰোধ উঠাই দিবলৈ অনুৰোধ জনায়। কিন্তু  নাগাজাংকা চাহ বাগিচাৰ সমীপত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত স্থাপন কৰা নগা আৰক্ষী শিবিৰটো উঠাই নিয়া সন্দৰ্ভত তেওঁলোকে সিদ্ধান্ত লব নোৱাৰে বুলি জানিবলৈ দিয়ে আৰু তাৰ বাবে নাগালেণ্ড চৰকাৰৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰিহে সিদ্ধান্ত লব পৰা যাব বুলি জানিবলৈ দিয়ে মোককচোঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ।

যোৰহাট জিলা প্ৰশাসনৰ স্পষ্ট মত যে নগা আৰক্ষীৰ অস্থায়ী শিবিৰটো উঠাই নিলেই অসম আৰক্ষীৰ অস্থায়ী শিৱৰটোও উঠাই অনা হব । মুঠৰ ওপৰত বৰ্তমান সমগ্ৰ পৰিস্থিতিৰ সমাধানসূত্ৰ নিৰ্ভৰ কৰিছে নাগালেণ্ড কৰ্তৃপক্ষৰ ওপৰত ।
Published by: Himangshu Bhuyan
First published: November 26, 2020, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading