অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিশেষ উদ্যোগত BPFৰ বিধায়ক দুৰ্গা দাস বড়োৱে শক্তি বিভাগৰ ওপৰত বৃহস্পতিবাৰে আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ দুৰ্গা দাস বড়োৱে পঞ্জাব, গুজৰাট আদি ৰাজ্যই বিদ্যুৎ বিক্ৰী বন্ধ কৰিলে অসম অন্ধকাৰত ডুবিব লাগিব বুলি সদৰী কৰি অসমৰ শক্তিখণ্ডক শক্তিশালী কৰিবলৈ তিনিটা পৰামৰ্শ আগবঢ়ায় ৷
আলোচনাত অংশ লৈ জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে কেন্দ্ৰীয় চৰকাৰে সংসদত অনা বিদ্যুৎ আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ দাবী জনায় ৷
শাসকীয় BJPৰ বিধায়ক জিতু গোস্বামীয়ে বৃহস্পতিবাৰৰ এই আলোচনাত অংশগ্ৰহণ কৰি সমবায় ভিত্তিত সৌৰশক্তি উৎপাদনত গুৰুত্ব দিবলৈ শক্তি বিভাগক পৰামৰ্শ দিয়ে ৷
জিতু গোস্বামীৰ দৰে AIUDFৰ বিধায়ক আমিনুল ইছলামেও সৌৰশক্তি উৎপাদনত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় ৷
শাসকীয় মিত্ৰজোঁটৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অধ্যক্ষৰ বিশেষ উদ্যোগৰ আলোচনাত অংশগ্ৰহণ কৰি অসমৰ নদ-নদীসমূহত ছাৰ্ভে কৰি মাইক্ৰ'হাইডেল প্ৰজেক্ট কৰিবলৈ আহ্বান জনায় ৷
AIUDFৰ কনিষ্ঠ বিধায়ক আশ্ৰাফুল হুছেইনেও এই আলোচনাত অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণ কৰি APDCক সমালোচনা কৰে ৷
BJPৰ নতুন বিধায়ক দিগন্ত কলিতাই আলোচনাত অংশগ্ৰহণ কৰি ফ্লটিং পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷
ইপিনে বৃহস্পতিবাৰে ব্যতিক্ৰমী ৰূপত সদনত দেখা গ'ল অখিল গগৈক ৷ চৰকাৰক সমালোচনা কৰাৰ সলনি শক্তি বিভাগক শক্তিশালী কৰাৰ বাবে বহুকেইটা পৰামৰ্শ আগবঢ়াই অখিল গগৈয়ে ৷
AIUDFৰ বিধায়ক শ্বেৰমান আলী আহমেদে ক্ষুদ্ৰ ক্ষুদ্ৰ বিদ্যুৎ উৎপাদন প্ৰকল্প নিৰ্মাণত গুৰুত্ব দিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে ৷
প্ৰায় চাৰিঘণ্টাজোৰা আলোচনা চলে শক্তি বিভাগৰ ওপৰত ৷ শেষত চৰকাৰৰ হৈ উত্তৰ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ উত্তৰৰ মাজতে বৃহৎ নদী বান্ধৰ প্ৰসংগ উত্থাপন কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷
মন্ত্ৰী পাটোৱাৰীয়ে বৃহৎ নদী বান্ধৰ প্ৰসংগ উত্থাপন কৰাত বিৰোধী কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত নৰহে পাটোৱাৰীৰ এই কথাৰ প্ৰতিবাদ কৰে ৷ একেদৰে বিৰোধী উপ–দলপতি ৰকিবুল হুছেইনেও মন্ত্ৰী পাটোৱাৰীক উভতি ধৰে ৷
শেষত চৰকাৰৰ হৈ শক্তিখণ্ডক শক্তিশালী কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি সদনক জনায়৷ এনেদৰে বৃহস্পতিবাৰৰ দিনটোত চাৰি ঘণ্টা ধৰি শাসক-বিৰোধীৰ ৩১জন সদস্যই শক্তি বিভাগক লৈ আলোচনা কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|