• Home
  • »
  • News
  • »
  • assam
  • »
  • কণা হাঁহক যেন পতানহে দিছে! শাসকীয় দলৰ বিধায়কৰ সমষ্টিলৈ ৭৭, ৫৫টাকৈ, বিৰোধীৰ বিধায়কৰ সমষ্টিলৈ মাত্ৰ ২! পিছে কিহত এই বৈষম্য?

কণা হাঁহক যেন পতানহে দিছে! শাসকীয় দলৰ বিধায়কৰ সমষ্টিলৈ ৭৭, ৫৫টাকৈ, বিৰোধীৰ বিধায়কৰ সমষ্টিলৈ মাত্ৰ ২! পিছে কিহত এই বৈষম্য?

বিৰোধী বিধায়কৰ সমষ্টিত ২টাকৈহে কেন্দ্ৰ আৱণ্টন! বিপৰীতে শাসকীয় বিধায়কে পাইছে ১১টাকৈ কেন্দ্ৰ। 

বিৰোধী বিধায়কৰ সমষ্টিত ২টাকৈহে কেন্দ্ৰ আৱণ্টন! বিপৰীতে শাসকীয় বিধায়কে পাইছে ১১টাকৈ কেন্দ্ৰ। 

বিৰোধী বিধায়কৰ সমষ্টিত ২টাকৈহে কেন্দ্ৰ আৱণ্টন! বিপৰীতে শাসকীয় বিধায়কে পাইছে ১১টাকৈ কেন্দ্ৰ। 

  • Share this:
ৰাজ্য চৰকাৰে আৱণ্টন কৰিছে নতুনকৈ ১০০০টা অংগনৱাড়ী কেন্দ্ৰ ৷ এই অংগনৱাড়ী কেন্দ্ৰ বিতৰণৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ উত্থাপন হৈছে ৷ য'ত য'ত শাসকীয় দলৰ বিধায়ক আছে তাত আৱণ্টিত হৈছে অধিক অংগনৱাড়ী কেন্দ্ৰ ৷

চাওঁ আহক কেইটামান উদাহৰণঃ

দৰং জিলাৰ অন্তৰ্গত কলাইগাঁও সমষ্টিয়ে পাইছে ২টা কেন্দ্ৰ ৷ এই সমষ্টিটোৰ বিধায়ক হৈছে বিপিএফৰ দুৰ্গা দাস বড়ো ৷ অৰ্থাৎ বিৰোধী শিবিৰৰ বিধায়ক বড়োৰ সমষ্টিত দিয়া হৈছে মাত্ৰ দুটা কেন্দ্ৰ ৷

ঠিক একেদৰে প্ৰাক্তন মন্ত্ৰী বৰ্তমান কংগ্ৰেছৰ বিধায়ক বসন্ত দাসৰ মঙলদৈ সমষ্টিতো দিয়া হৈছে ২টা কেন্দ্ৰ ৷ AIUDFৰ মজিবুৰ ৰহমানৰ দখলত থকা দলগাঁও সমষ্টিয়েও পাইছে মাথো ২টা কেন্দ্ৰহে ৷

ইয়াৰ বিপৰীতে দৰং জিলাৰ শাসকীয় বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীৰ সমষ্টি ছিপাঝাৰে ১১ টাকৈ কেন্দ্ৰ ৷ এয়া মাথো এটা উদাহৰণহে ৷



জিলাভিত্তিক যদি চোৱা যাই তাতো স্পষ্ট হৈ পৰে চৰকাৰৰ বৈষম্য ৷ যিসমূহ জিলাত শাসকীয় দলৰ বিধায়ক নাই সেইসমূহ জিলাই অতি কমকৈ আৱণ্টন পাইছে কেন্দ্ৰ ৷ শাসকীয় বিধায়কৰ দখলত থকা ডিব্ৰুগড় জিলাই সৰ্বাধিক ৭৭টা কেন্দ্ৰ লাভ কৰিছে ৷ তিনচুকীয়া,শোণিতপুৰ,কাছাৰে ৫৫টাকৈ ৷

ইয়াৰ বিপৰীতে বিৰোধীৰ দখলত থকা দক্ষিণ শালমৰা মানকাচৰে  সৰ্বনিম্ন ৪টা কেন্দ্ৰহে লাভ কৰিছে ৷ একেদৰে গোৱালপাৰাই ৮টা আৰু হাইলাকান্দিয়ে পাইছে ৬টা কেন্দ্ৰহে ৷

সেয়ে বিৰোধী দলপতিৰ মুখত গাখীৰৰ প্ৰসংগ ৷ "বিজেপি বিধায়কক বেছি কেন্দ্ৰ আৱণ্টন দি মুখ্যমন্ত্ৰীয়ে বিজেপিক ভোট দিলে গাখীৰ বেছিকৈ পাব বুলি কোৱা কথাৰ এয়া বাস্তৱৰূপ দিছে ৷ আমাৰ সমষ্টিবোৰত দুটাকৈহে কেন্দ্ৰ দিছে ৷ মই সুধিব খুজিছো, বিজেপি চৰকাৰৰ 'সব কা সাথ সব কা বিকাশ' এয়াই নেকি?"— দেৱব্ৰত শইকীয়া বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে APCCৰ সভাপতি ভূপেন বৰাইও ৷ মাত্ৰ দুটাহে কেন্দ্ৰ পোৱাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও তুলিছে প্ৰশ্ন ৷

অৱশ্যেই নিজ চৰকাৰৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগে ক'লে, সময় পাৰ হোৱা নাই, চিন্তাৰ কাৰণ নাই ৷ অংগনৱাড়ী কেন্দ্ৰৰ যি লক্ষ্য আৰু উদ্দেশ্য সেয়ালৈ চাই বিৰোধীয়ে কৰা আপত্তি নিশ্চয়কৈ ন্যাৰ্য ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ কোৱা 'সব কা সাথ সব কা বিকাশ সব কা বিশ্বাস' যে অংগনৱাড়ী কেন্দ্ৰ আৱণ্টনত ফুটি নুঠিল সেয়া নথি সমূহতে স্পষ্ট ৷
Published by:Himangshu Bhuyan
First published: